Arms and ammunitions recovered in Manipur : মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ খোচাবুং আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা গোলাবাৰুদ জব্দ
নিউজ ডেস্ক, ৩ অক্টোবৰ : হিংসাজৰ্জৰ মণিপুৰত অব্যাহত আছে আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ অনুসন্ধান আৰু তালাচী অভিযান । অভিযানত এক বৃহৎ সফলতা লাভ নিৰাপত্তা বাহিনীৰ । অভিযানত নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ(Arms and ammunitions recovered in Manipur)।
সামজিক মাধ্যম এক্সৰ এটা পোষ্টত মণিপুৰ আৰক্ষীয়ে লিখে, “পাহাৰীয়া আৰু উপত্যকা জিলাৰ প্ৰান্তীয় আৰু বিপজ্জনক অঞ্চলত নিৰাপত্তা বাহিনীয়ে অনুসন্ধান অভিযান আৰু অঞ্চলবোৰৰ ওপৰত আধিপত্য বিস্তাৰৰ বাবে অভিযান চলোৱা হৈছে । অনুসন্ধান অভিযানৰ সময়ত চুৰাচান্দপুৰ জিলাৰ খোচাবুং আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা ষ্টেণ্ডৰ সৈতে স্থানীয়ভাৱে তৈয়াৰ কৰা এটা ইম্প্ৰুভাইজড মৰ্টাৰ (পাম্পি), ৩ টা স্থানীয়ভাৱে নিৰ্মিত ইম্প্ৰুভাইজড মৰ্টাৰ (পাম্পি) আৰু ৮ টা পাম্পি গোলাবাৰুদ মণিপুৰ আৰক্ষীয়ে জব্দ কৰে ।”
উল্লেখ্য যে ইয়াৰ পূৰ্বে বুধবাৰে মণিপুৰ আৰক্ষীয়ে পাহাৰীয়া আৰু উপত্যকা জিলাৰ প্ৰান্তীয় আৰু সংবেদনশীল অঞ্চলত তালাচী অভিযান চলায় । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে ক্ৰমান্বয়ে ২৮৯ আৰু ৪১৪ খন বাহনৰ চলাচল নিশ্চিত কৰা হৈছে । সকলো বিপদাশংকাপূৰ্ণ স্থানত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বাহনবোৰৰ বিনামূলীয়া আৰু সুৰক্ষিত চলাচল নিশ্চিত কৰাৰ বাবে সংবেদনশীল অঞ্চলত নিৰাপত্তা কনভয় প্ৰদান কৰা হৈছে(Security forces conduct search operations in Manipur; arms and ammunitions recovered)।
“মণিপুৰৰ পাহাৰীয়া আৰু উপত্যকা দুয়োখনৰে বিভিন্ন জিলাত মুঠ ১১৩ টা তালাচী চকী স্থাপন কৰা হৈছে । অৱশ্যে ৰাজ্যখনৰ বিভিন্ন জিলাত আইন উলংঘনৰ সন্দৰ্ভত আৰক্ষীয়ে কাকো আটক কৰা নাই ।” মণিপুৰ আৰক্ষীয়ে পোষ্টত কয় ।
আনহাতে, ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ দ্বাৰা চলোৱা আন এক অনুসন্ধান অভিযানত যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয় । এই অভিযানৰ ফলত টেংনুপাল জিলাৰ চেনাম গাঁৱৰ পৰা লাথোড় গান (দেশীয়ভাৱে নিৰ্মিত), আই ই ডি, গ্ৰেনেড, পেট্ৰ’ল বোমা, ব’ৰ ৰাইফল, পম্পি গোলা-বাৰুদ, ডিট’নেটৰ আৰু এনে ধৰণৰ অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হয় ।
ইফালে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বৃহস্পতিবাৰে ২৭ ছেপ্টেম্বৰত কাংপোকপিৰ পৰা অপহৃত হোৱা মণিপুৰৰ দুজন যুৱকক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োৰে প্ৰচেষ্টাক প্ৰশংসা কৰে ।
এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী বীৰেন সিঙে কয় যে যুৱক দুজনক সুৰক্ষিতভাৱে মণিপুৰ আৰক্ষীৰ জিম্মালৈ ঘূৰাই অনা হৈছে ।
“২৭ ছেপ্টেম্বৰত কাংপোকপিত অপহৃত যুৱক দুজনক সুৰক্ষিতভাৱে মণিপুৰ আৰক্ষীৰ জিম্মালৈ ঘূৰাই অনা হৈছে । মই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োটা বিভাগৰে সকলোকে আন্তৰিকতাৰে প্ৰশংসা কৰিছোঁ, যিসকলে তেওঁলোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ অক্লান্ত পৰিশ্ৰম কৰিছিল । ” মুখ্যমন্ত্ৰী বীৰেণ সিঙে বৃহস্পতিবাৰে কয়।
লগতে পঢ়ক :Former MLA jiten gogoi will join AJP : কাইলৈ অসম জাতীয় পৰিষদত যোগ দিব প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে