Armed Assailants Open Fire At Nalbari Trader : ব্যৱসায়ীক গুলীচালনা দুর্বৃত্তৰ; দুর্বৃত্তৰ গুলীত আহত ব্যৱসায়ী

নিউজ ডেস্ক,২০জুলাই : নলবাৰীত চাঞ্চল্যকৰ ঘটনা। নলবাৰী জিলাৰ মুকালমুৱাৰ ৰামপুৰত এজন ব্যৱসায়ীক গুলীয়াই দুর্বৃত্তৰ এটা দলে।
প্রাপ্ত খবৰ অনুসৰি হাজো-দৌলাশাল পথেৰে বিয়লি ৫.৩০ বজাত বৰপেটাৰ দিশে গৈ আছিল এগৰাকী ব্যৱসায়ী সেই সময়তে মটৰ চাইকেলত অহা তিনিটা দুর্বৃত্তৰ দলে ব্যৱসায়ীজনক গুলীয়াই ব্যৱসায়ীজনৰ লগত থকা বুজন পৰিমাণৰ ধন কাঢ়ি লৈ উধাও হয়। দুর্বৃত্তৰ গুলীত বাওঁভৰিত গুলী লাগে ব্যৱসায়ীজনৰ(Armed Assailants Open Fire At Nalbari Trader) ।
জানিব পৰা মতে, পাইকাৰী ব্যৱসায়ী জাকিৰ হুছেইনে অইন দিনাৰ দৰে শুকুৰবাৰেও নিজৰ ব্যৱসায়িক প্রতিষ্ঠান বন্ধ কৰি এ এছ-১৪ জি-৯৭২১ নম্বৰৰ গ্লেমাৰ মটৰ চাইকেলেৰে বৰপেটা জিলাৰ পূব চটলাৰ গৃহলৈ আহি থকা অৱস্থাত একে দিশেৰে এখন বাইকত পিচপিনৰ পৰা অহা তিনিটা দুর্বৃত্তই ব্যৱসায়ী জাকিৰ হুছেইনক ভৰিত গুলীয়াই টকাখিনি কাঢ়ি লৈ যায়। জাকিৰ হুছেইনে এখন মোনাত পাঁচ লক্ষাধিক টকা লৈ ঘৰলৈ আহি থাকোতে ৰামপুৰ চ’কবজাৰ নাপাওঁতেই দুর্বৃত্তৰ দলটিয়ে আক্রমণ কৰে।
দুর্বৃত্তৰ গুলীত লাগি জাকিৰ হুছেইনে মাটিত ঢলি পৰাৰ লগে লগে টকাখিনি কাঢ়ি লৈ তিনিজনীয়া দুর্বৃত্তৰ দলটিয়ে পলায়ন কৰে। পিচত ঘটনাস্থলীত মুকালমুৱা আৰু দৌলাশাল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা সক্রিয় গুলী আৰু খালী কাট্রিজো উদ্ধাৰ কৰিছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত নলবাৰীৰ আৰক্ষী অধীক্ষক সুপ্রিয়া দাসো উপস্থিত হয়।
ইপিনে বাওঁভৰিত গুলীবিদ্ধ ব্যৱসায়ী জাকিৰ হুছেইনক ততাতৈয়াকৈ মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পিচত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। প্রত্যক্ষদর্শীয়ে সদৰী কৰা অনুসৰি এখন ৰঙা ৰঙৰ দুচকীয়া গাড়ীৰে আহিছিল দুর্বৃত্তৰ দলটো।
লগতে পঢ়ক : Minor girl died by drowning in pond : ককবকাই বচাবলৈ গৈ বায়েকৰ মৃত্যু