Local, Vocal, Global

আপুনি পাইলছৰ সমস্যাত ভূগিছে নেকি?এই ঘৰুৱা উপায় প্ৰয়োগ কৰকৰ …

পাইলছ এক অতি জটিল শাৰীৰিক সমস্য়া।আজিকালি এই ৰোগ প্ৰায় মানুহৰ হোৱা দেখা যায়।যিকোনো বয়সৰ লোকে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়।এই ৰোগ হোৱাৰ বহুতো কাৰণ আছে সাধাৰণতে আমাৰ জীৱনশৈলী ইয়াৰ বাবে দায়ী।গেছ বা পাচনতন্ত্ৰৰ সমস্যাৰ বাবে ই দায়ী।
পাইলছৰ সাধাৰণ লক্ষণসমূহ হ’ল মলদ্বাৰৰ বিষ,তেজ ওলোৱা,মলদ্বাৰ ফুলা,পোৰা আদি।আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পাব বাবে কিছুমান ঘৰুৱা উপায় প্ৰয়োগ কৰিব পাৰে।

আপুনি পাইলছৰ পৰা পৰিত্ৰাণ পাবলৈ বৰফ ব্যৱহাৰ কৰিব পাৰে।বৰফে তেজ চলাচল সুচল কৰি ৰাখে আৰু বিষ উপশম কৰাত সহায় কৰে।বৰফৰ টুকুৰা কাপোৰ এখনত মেৰিয়াই ঘা হোৱা ঠাইত ১০ মিনিট ৰাখিব লাগে।এদিনত কেইবাবাৰো ব্যৱহাৰ কৰিলে সুফল পাব।

ঘাঁ হোৱা ঠাইত আপেল চাইডাৰ ভিনেগাৰৰ প্ৰয়োগ কৰিব পাৰে।আৰম্ভণিতে কিছু জ্বলা- পোৰা কৰিব কিন্তু পিছত কমি যাব।এই পদ্ধতিটো দিনটোত কেইবাবাৰো কৰিব পাৰে।আপুনি এচামুচ আপেল চাইডাৰ ভিনেগাৰ এগিলাচ পানীত মিহলাই দিনে দুবাৰকৈ খালে ইয়াৰ পৰা পৰিত্ৰাণ পাব।

পাইলছৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি জামু খাব পাৰে।জামুত ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে ।যিয়ে আমাৰ শৰীৰক সুস্থ কৰি ৰাখে।ইয়াত থকা এন্টিঅক্সিডেন্টে পাইলছৰ সমস্যা হ্ৰাস কৰে।গতিকে পাইলছ থকা ৰোগীয়ে দিনটোত ২ৰ পৰা ৩ জামু খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব।

শৰীৰত পানীৰ অভাৱ পাইলছৰ অন্য এটা কাৰণ ।আপুনি দিনে কমেও দুবাৰকৈ আদা,নেমু আৰু মৌৰ ৰস খাব লাগে।এই মিশ্ৰণটো নিয়মিতভাৱে খালে আপুনি পাইলছক নিয়ন্ত্ৰণ কৰিব পাৰিব।আপুনি দিনত কমেও ২-৩ লিটাৰ পানী খোৱাটো আপোনাৰ বাবে যথেষ্ট উপৰাকী।

আপুনি আপোনাৰ খাদ্যৰ লগত অলিভ অইল ব্যৱহাৰ কৰিব পাৰে।ই আমাৰ শৰীৰত প্ৰদাহ ক্ষিপ্ৰতাৰে হ্ৰাস কৰাত সহায় কৰে।