Local, Vocal, Global

আপুনি বাৰু চৰকাৰী কৰ্মচাৰী নেকি! তেন্তে আপুনি পাব অৰ্ধছুটি

নিউজ ডেস্ক, ১৬ মাৰ্চ : চৰকাৰী কৰ্মচাৰীক অৰ্ধছুটি প্ৰদানৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ‘দ্য কাশ্মীৰ ফাইলছ’ চাব বিচৰা কৰ্মচাৰী সকলে পাব অৰ্ধছুটি। কিন্তু পিছদিনা তেওঁলোকে চিনেমাৰ টিকট প্ৰদান কৰিব লাগিব জ্যেষ্ঠ বিষয়াক ।

মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ পিভিআৰ চিনেমা হলত সতীৰ্থ মন্ত্ৰী আৰু বিধায়কসহ ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখন উপভোগ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখন উপভোগ কৰি আৱেগিক হৈ পৰে মুখ্যমন্ত্ৰী গৰাকী। কাশ্মীৰৰ সঁচা কাহিনী বোলছবিৰ জৰিয়তে দাঙি ধৰাৰ বাবে ছবিখনৰ লগত জড়িত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৯০ৰ দশকত কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত চলা অকথ্য নিৰ্যাতন আৰু গণহত্যাৰ কাহিনীৰ ওপৰত ভিত্তিত কৰি নিৰ্মাণ কৰা হৈছিল ‘দ্য কাশ্মীৰ ফাইলছ’ । কাশ্মীৰী পণ্ডিতসকলে কিদৰে জীৱনৰ সৰ্বস্ব ত্যাগ কৰি আগ্ৰাসনৰ চিকাৰ হৈছিল, সেই সমগ্ৰ কাহিনী অতি সুন্দৰকৈ প্ৰকাশ কৰা হৈছে এই ছবিখনৰ মাধ্যমেৰে। এয়া এক জীয়া কাহিনী আৰু বুৰঞ্জীমূলক ঘটনা।