Watch | Archita ohukan viral video : অৰ্চিতা ফুকনৰ নাম নাম লৈ ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱা মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত
নিউজ ডেস্ক: ডিব্ৰুগড়ৰ বোৱাৰী অৰ্চিতা আমেৰিকাৰ পৰ্ণ ষ্টাৰ বুলি প্ৰাক্তন প্ৰেমিকে অপপ্ৰচাৰ চলাইছিল । ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন প্ৰেমিক প্ৰতীম বৰাক ।
সৰ্বত্ৰে চৰ্চিত হৈ থকা অৰ্চিতা ফুকনৰ ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে তিনিচুকীয়াৰ প্ৰতীম বৰা নামৰ এজন যুৱকক । ডিব্ৰুগড় আৰক্ষীয়ে প্ৰতীম বৰা নামৰ যুৱকজনক আটক কৰাৰ লগতে জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী ৷ চৰ্চা অনুসৰি প্ৰতীম বৰা অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিক । প্ৰতীম বৰাই অৰ্চিতা ফুকনৰ ফটো এডিট কৰি সামাজিক মাধ্যমত আপলোড কৰিছিল ।প্ৰতীম মেকানিকেল ইঞ্জিনিয়াৰ আৰু দিল্লীত কৰ্মৰত আছিল । বৰ্তমান অনলাইন হোৱাত তেওঁ ঘৰৰ পৰাই কৰ্মৰত হৈ আছিল ।
বিগত এটা মাহ ধৰি অসমৰ অৰ্চিতা ফুকন আমেৰিকাৰ পৰ্ণ ষ্টাৰ হোৱা বুলি প্ৰচাৰ চলিছিল । সামাজিক মাধ্যমত সমগ্ৰ চলি থকাৰ মাজতে ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপিছিল অৰ্চিতা ফুকন আৰু তেওঁৰ পৰিয়াল । অৰ্চিতা ফুকনে সদৰ থানাত গোচৰ তৰি অভিযোগ কৰিছিল তেওঁৰ ফটো, মুখমণ্ডলৰ ফটো ব্যৱহাৰ কৰি কোনো লোকে চলাইছে অপপ্ৰচাৰ । ডিব্ৰুগড়ৰ বোৱাৰী অৰ্চিতা ফুকনৰ এজাহাৰ লাভ কৰাৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ।
ডিব্ৰুগড় আৰক্ষীয়ে বিষয়টোক লৈ কোনো তথ্য আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা নাই যদিও বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে আমেৰিকাত নাথাকে অৰ্চিতা ফুকন । অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিক আটকাধীন যুৱকজনে অৰ্চিতাৰ বিভিন্ন ফটোৰ মুখমণ্ডল আন যুৱতীৰ ফটোৰ সৈতে সংযুক্ত কৰি এই কাম কৰিছিল । অৰ্চিতা ফুকন আমেৰিকাৰ পৰ্ণ ষ্টাৰ বুলি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল কৰা হৈছিল ফটো । ডিব্ৰুগড় আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা পাছত তদন্ত আগবঢ়াই নিলে সকলো কথা পোহৰলৈ আহিব ।
ঘটনা তদন্ত কৰি ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে তিনিচুকীয়াৰ প্ৰতীম বৰা নামৰ যুৱকজনক । অৰ্চিতা ফুকনৰ ফটো ব্যৱহাৰ AI ৰ জড়িয়তে কৰি অপপ্ৰচাৰ চলাইছিল প্ৰতীম বৰাই । তিনিচুকীয়াৰ পৰা আটক কৰি নিশাই ডিব্ৰুগড়ৰ সদৰ থানালৈ অনা হৈছে চাইবাৰ অপৰাধীটোক । ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে অভিযুক্ত প্ৰতীম বৰাৰ পৰা ম’বাইল ফোন, লেপটপৰ লগতে আপত্তিজনক সামগ্ৰী জব্দ কৰিছে ।
লগতে আৰক্ষীয়ে আটক কৰাৰ পাছতে ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীৰ সংবাদমেল যোগে এইসকলো কথা প্ৰকাশ কৰিছে ।