Arab leaders summit with Joe Biden in Amman called off : জৰ্ডান যাত্ৰা বাতিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,১৮ অক্টোবৰ : ১৮অক্টোবৰ অৰ্থাৎ আজি ইজৰাইল ভ্ৰমণৰ যোৱাৰ কথা আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন (Israel Hamas War) ।
বাইডেনে জৰ্ডানৰ ৰাজধানী আম্মানত কেইবাজনো আৰৱ নেতাৰ সৈতে এখন সন্মিলনত অংশগ্ৰহণ কৰাৰো কথা আছিল ৷ কিন্তু চিকিৎসালয়ত সংঘটিত হোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সন্মিলনখন বাতিল কৰা হৈছে(Arab leaders summit with Joe Biden in Amman called off) ৷
ইজৰাইল আৰু হামাছৰ মাজত অব্যাহত আছে ভয়ংকৰ সংঘৰ্ষ । ইয়াৰ মাজতে মঙলবাৰে গাজাৰ আল-আহলি বাপ্টিষ্ট চিকিৎসালয়ত আকাশমাৰ্গেৰে আক্ৰমণ কৰে । এই আক্ৰমণৰ ফলত ৫০০ৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে(Hundreds killed in blast at Gaza hospital) ।
ইফালে, ইজৰাইল আৰু পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ পিছত ইজৰাইলৰ প্ৰতি সমৰ্থন দেখুৱাই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে দেশখন ভ্ৰমণ কৰাৰ কথা আছিল । কিন্তু মঙলবাৰে সংঘটিত হোৱা এনে ভয়ংকৰ ঘটনাৰ বাবে জৰ্ডানৰ আম্মানত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু আন নেতাসকলৰ মাজৰ শীৰ্ষ বৈঠক বাতিল কৰা হৈছে(Arab leaders summit with Joe Biden in Amman called off as hundreds dead in Gaza hospital blast) ।
জৰ্ডানৰ বৈদেশিক মন্ত্ৰী আয়মান চাফাদীয়ে ঘোষণা কৰে যে বুধবাৰে জৰ্ডানৰ ৰজা আব্দুল্লা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচি আৰু পেলেস্তাইনী ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে আম্মানত বিডেনৰ সন্মিলন বাতিল কৰা হৈছে ।
উল্লেখ্য যে, ৭ অক্টোবৰত ইজৰাইলত সংঘটিত ভয়ংকৰ আক্ৰমণৰ পাছত ইজৰাইলক সমৰ্থন কৰি আহিছে বাইডেনে । ইয়াৰ মাজতে মঙলবাৰে গাজা চহৰৰ আল আহলি চিকিৎসালয়ত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণ বাবে হামাছে ইজৰাইলক দোষাৰোপ কৰিছে । কিন্তু ইজৰাইলে এই অভিযোগ অস্বীকাৰ কৰি ইছলামিক সংগঠনে এই বিস্ফোৰণ সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ কৰিছে ।
আনহাতে হামাছৰ নেতা ইছমাইল হানিয়েহে আমেৰিকাক তীব্ৰ সমালোচনা কৰিছে । ইজৰাইলক আক্ৰমণৰ বাবে আমেৰিকাই সহযোগিতা কৰাৰ অভিযোগ কৰিছে নেতাগৰাকীয়ে । চিকিৎসালয়ৰ বিস্ফোৰণে শত্ৰুৰ বৰ্বৰতা আৰু তেওঁলোকৰ পৰাজয়ৰ অনুভূতি স্পষ্ট কৰে বুলিও নেতাগৰাকীয়ে দাবী কৰিছে । নেতাগৰাকীয়ে সকলো পেলেষ্টাইনী লোকক বাহিৰলৈ ওলাই আহি ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈও আহ্বান জনাইছে ।
চৌদি আৰৱ, ইউ.এ.ই., বাহাৰেইন, ইজিপ্ত, জৰ্ডান আৰু তুৰ্কীয়েও ইজৰাইলৰ বিৰুদ্ধে গাজা চহৰৰ আল-আহলি আৰৱ চিকিৎসালয়ত বোমা বিস্ফোৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে । অৱশ্যে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এই ঘটনাৰ বাবে গাজাৰ বৰ্বৰ সন্ত্ৰাসবাদীসকলক দায়ী কৰিছে ।
লগতে পঢ়ক : Gaza Hospital Blast: গাজাৰ চিকিৎসালয়ত ৰকেট আক্ৰমণ; মৃত্যু শ শ লোকৰ