APYC General Secretary arrested over abduction case : অসম যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চামিম সৰকাৰক গ্ৰেপ্তাৰ
নিউজ ডেস্ক,১জুলাই : অসম যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চামিম সৰকাৰক গ্ৰেপ্তাৰ।
নিশা ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসম যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীক(Assam Pradesh Youth Congress General Secretary Detained for Alleged Abduction)।
জানিব পৰা মতে, যুৱতী অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সম্পাদকগৰাকীক।প্ৰেম চালনাৰে যুৱতীক অপহৰণ কৰাৰ অভিযোগ চামিম সৰকাৰৰ বিৰুদ্ধে।চাপৰৰ পৰা উদ্ধাৰ কৰা হৈছে অপহৃত যুৱতীগৰাকী।
পূৰ্বেও ধন লৈ ৰাজহুৱা স্থানত মহিলাৰ ৰোষত পৰিছিল চামিম।সৰকাৰৰ বিৰুদ্ধে চাকৰিৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰাৰো অভিযোগ আছে(APYC General Secretary arrested over abduction case) ।
লগতে পঢ়ক : Road Accident in Gohpur : গেছ টেংকাৰ আৰু ব’লেৰ পিকা ভানৰ মাজত মুখামুখি সংৰ্ঘষ;নিহত এজন