WATCH | APSC scam: “APSC কেলেংকাৰীৰ মূল খলনায়ক হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা”
নিউজ ডেস্ক,২০ফেব্ৰুৱাৰী : APSC কেলেংকাৰীৰ মূল খলনায়ক হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। APSC কেলেংকাৰী জড়িত থকা বহু ৰথী-মহাৰথীৰ নাম ডিলিট কৰা হৈছে
প্ৰতিবেদনখন আধৰুৱা হৈছে। চৰকাৰে একাংশক বচাব বিচাৰিছে(APSC scam)।
এপিএছচি কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে কপাইছে সমগ্ৰ ৰাজ্য । বিশেষকৈ ৰাজনৈতিক মহলত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে। বিধানসভা অধিৱেশনতো বিষয়টোক লৈ বিধায়কসকল সৰৱ হৈছে । বিপ্লৱ শৰ্মা আয়োগত প্ৰতিবেদনক লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বিধায়ক অখিল গগৈয়ে বিস্ফোৰক অভিযোগ
APSCৰ অন্যতম মূল খলনায়কজন হৈছে বৰ্তমানৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। আনজন খলনায়ক হৈছে প্ৰয়াত মুখ্যমন্ত্রী তৰুণ গগৈ
“বিপ্লৱ শৰ্মা আয়োগে কেলেংকাৰীৰ মূল অভিযুক্ত সকলক ৰক্ষণা-বেক্ষণ দিছে । এ পি এছ চি কেলেংকাৰী অসমৰ ইতিহাসত আটাইতকৈ ভয়ংকৰ কেলেংকাৰী । গোটেই পৰীক্ষাৰ ছিষ্টেমটো ভাঙি ছিঙি শেষ কৰিছিল । এ পি এছ চি কেলেংকাৰীত কেৱল ৰাকেশ পালেই জড়িত নাছিল । চৰকাৰ জড়িত নাথাকিলে এনে বৃহৎ কেলেংকাৰী কেতিয়াও সম্ভৱ নহয় । বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত বহু কথাই লুকুৱাব বিচাৰিছে। কেলেংকাৰীৰ মূল মানুহবোৰৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাই প্ৰতিবেদনত । এই কেলেংকাৰীত জড়িত আছিল প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় । আন এজন মন্ত্রীও জড়িত আছিল । কিন্তু আচৰ্যৰ বিষয় বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এই খলনায়ক সকলৰ নাম নাই ।”
ইফালে বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় APSC কেলেংকাৰী জড়িত থকা বহু ৰথী-মহাৰথীৰ নাম ডিলিট কৰা হৈছে। বিপ্লৱ শৰ্মা প্ৰতিবেদনখনত অন্তৰ্ভুক্ত হোৱা নাই বহু বিষয়াৰ নাম।’প্ৰতিবেদনখন আধৰুৱা হৈছে , চৰকাৰে একাংশক বচাব বিচাৰিছে। ‘প্ৰতিবেদনখন ২০২২তে প্ৰস্তুত হৈছিল, প্ৰকাশ কৰোঁতে বিলম্ব কৰিছে চৰকাৰে’।দোষীক শাস্তি দিয়াৰ পক্ষত চৰকাৰ নাই।
APSC কেলেংকাৰী সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই কয়।
মৃত ব্যক্তিক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ ষড়যন্ত্ৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। মৃত ব্যক্তিক জনমানসত হেয় কৰাৰ ষড়যন্ত্ৰ কৰা কথাটোক ভগবানেও ক্ষমা নকৰে’। তৰুণ গগৈৰ আঙুলীত ধৰি হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি শিকিছিল। চকু মুদি হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিছিল তৰুণ গগৈয়ে > মৃত্যুৰ পিছতো বিতৰ্কৰ মাজলৈ টানি অনা বুলি দাবী APCCৰ সভাপতি ভূপেন বৰাৰ।