Local, Vocal, Global

APSC Scam : APSC কেলেংকাৰি;আজি ৰাকেশ পালসহ ৩২গৰাকী দোষী সাব্যস্ত বিষয়াৰ শাস্তিৰ ৰায়দান

নিউজ ডেস্ক,২৯জুলাই : APSCৰ কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত আজি ৰাকেশ পালসহ ৩২গৰাকী দোষী সাব্যস্ত বিষয়াৰ শাস্তিৰ ৰায়দান(APSC Scam)।

গুৱাহাটীৰ বিশেষ আদালতে দিব ৰায়দান। ২৩ জুলাইত শাস্তিৰ ৰায়দান সংৰক্ষিত ৰাখিছিল আদালতে।

উল্লেখ্য যে, APSCৰ কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভ ৰাকেশ পালসহ ৩৪জন অভিযুক্তক দোষী ঘোষণা কৰিছিল আদালতে । দোষী সাব্যস্ত হৈছিল ৰাকেশ পাল, ছামেদুৰ ৰহমান, বসন্ত কুমাৰ দলে। তিনিওকে ৭ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ। ১১জন অভিযুক্তক দোষমুক্ত কৰে ঘোষণা কৰে বিশেষ ন্যায়াধীশ আদালতে( APSC Scam)।

দোষমুক্ত ঘোষণা কৰা হৈছে- বিকাশ পিন্সা, কৌশিক কলিতা, কুণাল দাস, জ্যোতিবন দত্ত, ফিৰোজ, বিউতি গগৈ, শৈজালী জোহৰী, ধৃতিমান ৰয়, মৌচুমী শইকীয়া, মোশ্বাৰফ হুছেইন। ইয়াৰে দালালৰ অভিযোগত অভিযুক্ত আছিল কৌশিক কলিতা আৰু কুণাল দাস।

লগতে পঢ়ক : Sensational Incident : ৰাজপথত খুলশালিয়েকক আক্ৰমণ ভিনিয়েকেৰ