APSC Scam : আজি CID কাৰ্যালয়লৈ অনা হৈছে নন্দবাবু সিঙক;APSC কেলেংকাৰীৰ ৰাকেশ পালৰ কু-কৰ্মৰ অন্যতম সহযোগী আছিল নন্দবাবু সিং
নিউজ ডেস্ক, ১০ ডিচেম্বৰ : আজি CID কাৰ্যালয়লৈ অনা হৈছে নন্দবাবু সিঙক(APSC Scam) । APSC কেলেংকাৰীৰ ৰাকেশ পালৰ কু-কৰ্মৰ অন্যতম সহযোগী আছিল নন্দবাবু সিং।
২০১৩ চনৰ পৰা ২০১৫ চনলৈ APSC ৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক আছিল নন্দবাবু সিং । অৱশেষত শনিবাৰে নিশা APSC ধনৰ বিনিময়ত চাকৰি কেলেংকাৰীত নন্দবাবু সিঙক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পূৰ্বে ২০২২ৰ আগষ্ট মাহত বিপ্লৱ শৰ্মা আয়োগে নন্দবাবুক জেৰা কৰিছিল। কিন্তু জেৰাৰ অন্তত তেওঁ যাবলৈ দিয়া হৈছিল । ইয়াকে লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল কাৰণ APSCৰ কেলেংকাৰীৰ অভিযুক্ত আছিল নন্দবাবু সিং (APSC Cash for Job Scam)।
উল্লেখ্য় যে, নন্দ বাবু সিঙৰ কন্যা মিনাৰ্ভা দেৱীকো দুৰ্নীতিৰে APSCৰ চাকৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। নন্দবাবুৰ কন্যা তথা কৰিমগঞ্জৰ ADC মিনাৰ্ভা দেৱীলৈ SITএ জাননী প্ৰেৰণ কৰিছে। মিনাৰ্ভা দেৱী আৰাৱামক সোমবাৰে SITত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে(APSC Cash for Job Scam APSC Principal Controller of Examination Nandbabu Sinha Arrested)।
ইফালে ২০১৩ৰ মাৰ্চৰ পৰা ২০১৫ চনৰ জুলাই মাহলৈ নন্দবাবু সিং APSCৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত থকাৰ সময়তে APSCত ৪৯ হাজাৰ পৰীক্ষা বহী জ্বলাই দিয়াৰো অভিযোগ উত্থাপন হৈছে । জানিব পৰা মতে, নন্দবাবুৱে ২০১৪ চনৰ প্ৰিলিমিনাৰী পৰীক্ষাৰ OMR শ্বীট জ্বলাই দিছিল।
লগতে পঢ়ক : Uttar Pradesh Road Accident: ডাম্পাৰ আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ