Local, Vocal, Global

APSC cash for job scam : পুনৰ APSC কেলেংকাৰিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হ’ল আন এগৰাকী ৰাজপত্ৰিত বিষয়া

নিউজ ডেস্ক,২জুন : পুনৰ APSC কেলেংকাৰিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হ’ল আন এগৰাকী ৰাজপত্ৰিত বিষয়া (APSC cash for job scam)।

এইবাৰ নিলম্বিত হ’ল ২০১৩ বৰ্ষৰ সহকাৰী নিয়োগ বিষয়া মৃদুল হাজৰিকা। প্ৰথমে এই নিলম্বনৰ তালিকাত আছিল ২১ গৰাকী বিষয়া। পৰৱৰ্তী সময়ত তালিকাত যোগ হ’ল মৃদুল হাজৰিকাৰ নাম।

এই ২২ গৰাকী বিষয়াৰ বিৰুদ্ধে ন্যায়ালয়ত SITয়ে দাখিল কৰিব সম্পূৰ্ণ অভিযোগনামা। একেটা বৰ্ষতে মৃদুল হাজৰিকাৰ ভগ্নী অনিতা কোঁৱৰেও পাইছিল APS। কিন্তু বৰ্তমানলৈকে তদন্তৰ আওতালৈ অহা নাই অনিতা কোঁৱৰ।

উল্লেখ্য যে, অব্যাহত আছে APSC কেলেংকাৰিৰ তদন্ত। এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ (APSC Scam)। ইতিমধ্যে কেইবাগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ হোৱাৰ লগতে বহু কেইগৰাকীক নিলম্বন কৰিছে । জেৰা চলাই আছে কেইবাৰগৰাকীকৈ ৰাজপত্ৰিত বিষয়াক ।

লগতে পঢ়ক : Narcotics worth rs 9.5 crore seized in cachar : কাছাৰত ৬ জন ড্ৰাগছ সৰবৰাহকাৰীসহ জব্দ ৯.৫ কোটি টকাৰ হেৰ’ইন