APSC Scam : আজি SIT ৰ জেৰাৰ সন্মুখীন হ’ব বিক্ৰম আদিত্য বৰা আৰু নন্দিতা হাজৰিকা

নিউজ ডেস্ক, ১১জানুৱাৰী : APSC কেলেংকাৰিৰ তদন্ত অব্যাহত । এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ (APSC Scam)।
উল্লেখ্য যে, ইতিমধ্যে SITৰ তদন্তত কেইবাগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ হোৱাৰ লগতে বহু কেইগৰাকীক নিলম্বন কৰা হৈছে । লগতে জেৰা চলাই আছে কেইবাৰগৰাকীকৈ ৰাজপত্ৰিত বিষয়াক ।
পুনৰ SITত হাজিৰ হ’ব দুই ৰাজপত্ৰিত বিষয়া(APSC cash for job scam) ।
বৃহস্পতিবাৰে পুনৰ ২ ৰাজপত্ৰিত বিষয়াক তলব SITৰ । আজি বিক্ৰম আদিত্য বৰা, নন্দিতা হাজৰিকাক জেৰা চলাব SIT-এ । বক্ৰপথেৰে চাকৰি লৈছিল দুই ৰাজপত্ৰিত বিষয়াই। বিষয়াদ্বয়ক আজি SITৰ সন্মুখত হাজিৰ হোৱাৰ নির্দেশ। ৰাকেশ পালৰ দিনত চাকৰি পাইছিল দুয়োগৰাকীয়ে। ইতিমধ্যে কেইবাজনো বিষয়াক চলাইছে জেৰা ।
এতিয়াই প্ৰশ্ন হয় বক্ৰপথেৰে চাকৰি লোৱাৰ পাছতে একাংশ ৰাজপত্ৰিত বিষয়াক কেৱল এনেদৰে সোধা-পোছা কৰিয়েই এৰি দিয়া হ’ব নে গ্ৰেপ্তাৰ কৰা হব ।
লগতে পঢ়ক : APSC Scam : আজি SIT ৰ জেৰাৰ সন্মুখীন হ’ব নন্দিনী কাকতি আৰু চক্ৰধৰ ডেকা