APSC Scam : আজি SIT ৰ জেৰাৰ সন্মুখীন হ’ব নন্দিনী কাকতি আৰু চক্ৰধৰ ডেকা

নিউজ ডেস্ক, ২ জানুৱাৰী : APSC কেলেংকাৰিৰ তদন্ত অব্যাহত । এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ (APSC Scam)।
উল্লেখ্য যে, ইতিমধ্যে SITৰ তদন্তত কেইবাগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ হোৱাৰ লগতে বহু কেইগৰাকীক নিলম্বন কৰা হৈছে । লগতে জেৰা চলাই আছে কেইবাৰগৰাকীকৈ ৰাজপত্ৰিত বিষয়াক ।
আজি পুনৰ SITত হাজিৰ হ’ব দুই ৰাজপত্ৰিত বিষয়া(APSC cash for job scam) ।
মঙ্গলবাৰে CID ৰ কাৰ্যালয়ত হাজিৰ হ’ব বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপিত হোৱা নন্দিনী কাকতি আৰু চক্ৰধৰ ডেকা।
জানিব পৰা মতে, নন্দিনী কাকতিৰ দুখনকৈ বহী লাভ কৰা হোৱা নাই লগতে চক্ৰধৰ ডেকাক নম্বৰ বঢ়াই দি পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ অভিযোগ আছে ।
নন্দিনী কাকতি আৰু চক্ৰধৰ ডেকাৰ জেৰা লক্ষ্যণীয় হ’ব কাৰণ দুই ৰাজপত্ৰিত বিষয়াক জেৰা চলোৱাৰ পাছত গ্ৰেপ্তাৰ কৰা হ’ব নে যাব দিয়া হ’ব ।
এতিয়াই প্ৰশ্ন হয় বক্ৰপথেৰে চাকৰি লোৱাৰ পাছতে একাংশ ৰাজপত্ৰিত বিষয়াক কেৱল এনেদৰে সোধা-পোছা কৰিয়েই এৰি দিয়া হ’ব নে গ্ৰেপ্তাৰ কৰা হব ।
লগতে পঢ়ক : Six Killed in 7.5 Magnitude Earthquake : জাপানত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি; নিহত ৬জন