APSC Scam : APSC কেলেংকাৰিৰ তদন্ত অব্যাহত; আজি SITত হাজিৰ হ’ব লাগিব দুই ৰাজপত্ৰিত বিষয়া

নিউজ ডেস্ক, ২১ডিচেম্বৰ : APSC কেলেংকাৰিৰ তদন্ত অব্যাহত । এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ (APSC Scam)।
উল্লেখ্য যে, ইতিমধ্যে কেইবাগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ হোৱাৰ লগতে বহু কেইগৰাকীক নিলম্বন কৰিছে । জেৰা চলাই আছে কেইবাৰগৰাকীকৈ ৰাজপত্ৰিত বিষয়াক ।
আজি পুনৰ SITত হাজিৰ হ’ব দুই ৰাজপত্ৰিত বিষয়া । বৃহস্পতিবাৰে ১০ বজাৰ পূৰ্বে আহি চি আই ডিৰ কাৰ্যালয়ত এছ আই টিৰ সন্মুখত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।
আজি SITত হাজিৰ হোৱা নিৰ্দেশ APS নীলাঞ্জল গগৈ আৰু ACS বিকাশ শৰ্মাক। এই দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে আছে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ। APSC ৰ মূল পৰীক্ষাত দুই ৰাজপত্ৰিত বিষয়াই হোৱা নাছিল উত্তীৰ্ণ। ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে দুয়ো বিষয়াক(APSC cash for job scam) ।
উল্লেখ্য যে ,দুয়োগৰাকী ৰাজপত্ৰিত বিষয়াই এ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ নোহোৱাকৈয়ে লাভ কৰিছিল চাকৰি। ৰাকেশ পালৰ আশীৰ্বাদত নীলাঞ্জল গগৈয়ে ইংৰাজীত লাভ নম্বৰ ১২৫ পৰা বৃদ্ধি হৈ হৈছিল ১৭৫লৈ। বুৰঞ্জীৰ প্ৰথম পেপাৰত নীলাঞ্জলে লাভ কৰিছিল ১০৬ নম্বৰ কিন্তু বুৰঞ্জীত ১০৬ৰ পৰা বৃদ্ধি হৈ হৈছিল ১৬৬। অৰ্থাৎ ১১০ নম্বৰ বৃদ্ধি হৈছিল নীলাঞ্জল গগৈৰ।
ঠিক সেইদৰে বিকাশ শৰ্মাই ইংৰাজী বিষয়ত লাভ কৰিছিল মাত্ৰ ৫৫ নম্বৰ। আৰু সেই নম্বৰ বৃদ্ধি হৈছিলগৈ ২০২। ৰাজনীতি বিজ্ঞানৰ প্ৰথম পেপাৰত বিকাশে লাভ কৰিছিল ৬১ নম্বৰ। ১১১ নম্বৰ বৃদ্ধি কৰা হৈছিল বিকাশৰ ৰাজনীতি বিজ্ঞানৰ টেবুলেশ্যন ছীটত। ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় পেপাৰত বিকাশে লাভ কৰিছিল ৬৬ নম্বৰ। টেবুলেশ্যন ছীটত সেই নম্বৰ বৃদ্ধি হৈ হৈছিল ১১৬ নম্বৰ।অসমীয়া প্ৰথম পেপাৰত বিকাশে লাভ কৰিছিল ১১৯ নম্বৰ। ২০ নম্বৰ বঢ়াই সেই নম্বৰ কৰা হৈছিল ১৩৯। অসমীয়া দ্বিতীয় পেপাৰত বিকাশে লাভ কৰিছিল ১০৯ নম্বৰ। ১০৯ৰ পৰিৱৰ্তে বিকাশৰ নম্বৰ হৈছিলগৈ ১২৯। ৰাকেশ পালে তেওঁলোকক বঢ়াই দিছিল এই নম্বৰ।
লগতে পঢ়ক : APSC Scam : CIDৰ কাৰ্যালয়ত মাৰাথন জেৰা বিতৰ্কিত APS বিষয়া ৰুমিৰ তিমুংপিক