Local, Vocal, Global

APSC Scam : এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ ; SIT-এ ৰুমী তিমুংপীলৈ জাৰি কৰিছে চমন

নিউজ ডেস্ক, ১৮ ডিচেম্বৰ : APSC কেলেংকাৰিৰ তদন্ত অব্যাহত । এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ (APSC Scam)।

উল্লেখ্য যে, ইতিমধ্যে কেইবাগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ হোৱাৰ লগতে বহু কেইগৰাকীক নিলম্বন কৰিছে । জেৰা চলাই আছে কেইবাৰগৰাকীকৈ ৰাজপত্ৰিত বিষয়াক ।

আজি পুনৰ CID কাৰ্যালয়ত হাজিৰ হব লাগিব ৰুমী তিমুংপী। সোমবাৰে SIT য়ে তলব কৰিছে ৰাজপত্ৰিত বিষয়া ৰুমী তিমুংপীক। বৃহৎ ধনৰ লেনদেনেৰে ৰাকেশ পালৰ পৰা চাকৰি লৈছিল ৰুমী তিমুংপীয়ে। এই সন্দৰ্ভত SIT-এ বিষয়াগৰাকীলৈ জাৰি কৰিছে চমন।

জানিব পৰা মতে, আটাইকেইখন কাকততে নম্বৰ বৃদ্ধি কৰাৰ অভিযোগ ৰাজপত্ৰিত বিষয়া ৰুমী তিমুংপীৰ বিৰুদ্ধে। ৫০ ৰ পৰা ১০০ পৰ্যন্ত নম্বৰ বৃদ্ধি। ৰাকেশ পালক টকা দি নম্বৰ লৈছিল ৰুমীয়ে((APSC cash for job scam))।

ৰাকেশ পালৰ কৃপাতে APSC পৰীক্ষাত অনুতীৰ্ণ হোৱা ৰুমী হৈছিল APS বিষয়া। কাট এফ নম্বৰতকৈ বহু কম নম্বৰ কম পাইছিল তেওঁ। যাৰ বাবে ৰাকেশ পালে প্ৰতিখন বিষয়ত ৫০ ৰ পৰা ১০০ নম্বৰ বৃদ্ধি কৰি দিছিল। মুঠ ২০০ নম্বৰ বৃদ্ধি কৰি দিছিল ৰাকেশ পালে।

বৰ্তমানলৈ APSC কেলেংকাৰীত বহু কেইগৰাকী ৰাজপত্ৰিতা বিষয়া গ্ৰেপ্তাৰ হৈছে। এতিয়াও অব্যাহত আছে ইয়াৰ তদন্ত।

লগতে পঢ়ক : Executive Engineer arrested under graft charges : উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা সঞ্জীৱ কুমাৰ দাসৰ ঘৰৰ পৰা উদ্ধাৰ ১২লাখ টকা