APSC Scam : এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ ; SITত হাজিৰ APS নিতুমণি দাস, APS ঋতুৰাজ দলে
নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : APSC কেলেংকাৰিৰ তদন্ত অব্যাহত । এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ (APSC Scam)।
উল্লেখ্য যে, ইতিমধ্যে কেইবাগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ হোৱাৰ লগতে বহু কেইগৰাকীক নিলম্বন কৰিছে । জেৰা চলাই আছে কেইবাৰগৰাকীকৈ ৰাজপত্ৰিত বিষয়াক ।
আজি পুনৰ SITত হাজিৰ APS নিতুমণি দাস, APS ঋতুৰাজ দলে। বৃহস্পতিবাৰে SIT কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছিল দুই ৰাজপত্ৰিত বিষয়াক।
এছআইটিয়ে জাৰি কৰা চমন অনুসৰি পুৱা ১০ বজাৰ আগতে উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল দুই ৰাজপত্ৰিত বিষয়াক(APSC cash for job scam) ।
এই দুয়োগৰাকী দুই ৰাজপত্ৰিত বিষয়াক বিৰুদ্ধে আছে নম্বৰ বৃদ্ধি কৰাৰ অভিযোগ।
ইতিমধ্য়ে নিলম্বন কৰা হৈছে নিতুমণি দাসক । নিতুমণি দাস বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত হৈ আছিল ।
জানিব পৰা মতে নিতুমণি দাসে APSCৰ মূল পৰীক্ষাৰ ৩ খনকৈ উত্তৰ বহীত জালিয়াতিৰে নম্বৰ বৃদ্ধি কৰি লৈছিল। লিখিত পৰীক্ষাত ইংৰাজীত নিতুমণি দাসে লাভ কৰিছিল ৪৮ নম্বৰ, কিন্তু ইয়াক বঢ়াই ১৪৮ কৰি দিয়ে। ঠিক তেনেদৰে ইড্যুকেশ্যনত লাভ কৰিছিল ৪৯ নম্বৰ আৰু সেয়া বৃদ্ধি কৰি কৰি দিছিল ১৪৯ আৰু ছচিয়লজীত লাভ কৰিছিল ৭০ নম্বৰ আৰু সেয়া ৰাকেশ পালৰ কোম্পানীয়ে বৃদ্ধি কৰি কৰিছিল ১০০ নম্বৰ।
আনহাতে গোৱালপাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছে ৰিতুৰাজ দলে । ৰিতুৰাজ দলেৰ ওপৰত অভিযোগ আছে ধনৰ বিনিময়ত চাকৰি লোৱাৰ । ৰিতুৰাজ দলে ইডুকেশ্যন ২০০ৰ ভিতৰত ৭৯ পাইছিল ৰিতুৰাজ দলে, কিন্তু ৰাকেশ পালৰ কোম্পানীয়ে ধনৰ বিনিময়ত নম্বৰ দিছিল ১২২ । ঠিক তেনেদৰে ইতিহাত পোৱা ১২৭ নম্বৰ বৃদ্ধি কৰি দিছিল ১৪৭ নম্বৰ।
ইতিমধ্যে , APSC কেলেংকাৰী সন্দৰ্ভত ৬ গৰাকীকৈ ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰিছে।
খবৰ অনুসৰি , নন্দ বাবু সিঙক পুনৰ জিম্মাত ল’ব SITয়ে । ৰাকেশ পালৰ কথা মতেই APSC পৰীক্ষাৰ সকলো জালিয়াতি কৰিছিল নন্দ বাবুৱে। সেই কথা ইতিমধ্য জেৰাত স্বীকাৰ কৰিছে নন্দ বাবুৱে।