Local, Vocal, Global

APSC Cash for Job Scam: গ্ৰেপ্তাৰ APSC কেলেংকাৰীৰ লগত জড়িত আন এক অভিযুক্ত

নিউজ ডেস্ক, ৪ ডিচেম্বৰ : গ্ৰেপ্তাৰ APSC কেলেংকাৰীৰ লগত জড়িত আন এক অভিযুক্ত । গ্ৰেপ্তাৰ APSC কেলেংকাৰীৰ লগত জড়িত অভিযুক্ত সুকন্যা দাস । সোমবাৰে জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় সুকন্যা দাসক(APSC Cash for Job Scam) ।

উল্লেখ্য যে, আজি এছআইটিৰ সন্মুখত হাজিৰ হৈছিল সুকন্যা দাস। দীৰ্ঘসময় এছআইটিৰ জেৰাৰ পিছত SITয়ে গ্ৰেপ্তাৰ কৰিলে ADCP সুকন্যা দাসক(APS officer Sukanya Das arrested)।

অভিযোগ APSCত বক্রপথেৰে চাকৰি লোৱাৰসুকন্যা দাসৰ বিৰুদ্ধে। ৬খন বহীৰ সলনি বিষয়াগৰাকীৰ আছে ৪খন বহী । ২খন উত্তৰ বহী ভুৱা APS গৰাকীৰ।

খবৰ অনুসৰি, APSC কেলেংকাৰীত কেইবাগৰাকী বিষয়াৰ নাম সাঙোৰ খাইছে। কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ৰাকেশ দাস নামৰ ACS বিষয়াগৰাকী। বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ এচিএছ বিষয়াগৰাকীৰ বিৰুদ্ধে। আনে লিখা উত্তৰবহীৰে চাকৰিত উত্তীৰ্ণ হৈছিল দাস। ৰাকেশ দাসৰ পিতৃৰ সৈতে ৰাকেশ পালৰ ঘনিষ্ঠতাৰ বাবেই ৰাজপত্ৰিত বিষয়া হৈছিল ৰাকেশ দাস। FSLৰ ৰিপ’ৰ্টত পোহৰলৈ আহিছিল বিস্ফোৰক তথ্য।

লগতে পঢ়ক : CLP Meeting to Decide on New CM Begins : তেলেংগানাত চৰকাৰ গঠনৰ বাবে সাজু কংগ্ৰেছ