Local, Vocal, Global

নলবাৰীবাসীক জ্যোতিপ্ৰসাদৰ কালজয়ী নাট ‘লভিতা’ বৰ্জন কৰিবলৈ আহ্বান

নিউজ ডেস্ক: বোকাখাতৰ পৰা পল্লৱ হাজৰিকাঃ আজি নলবাৰীত মঞ্চস্থ কৰা হ’ল লভিতা৷ নলবাৰীক ৰাইজলৈ লভিতা বৰ্জন কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় গণনাট্য সংঘ আৰু প্ৰয়াস সাংস্কৃতিক বাহিনীৰ। আজি নলবাৰিৰ পকুৱাত আৱাহনৰ মঞ্চত মঞ্চস্থ কৰা হ’ব অভিজিৎ ভট্টাচাৰ্যৰ লভিতা। নলবাৰীৰ লগতে অসমৰ সংস্কৃতিবান ৰাইজলৈ ভাৰতীয় গণনাট্য সংঘ আৰু প্ৰয়াস সাংস্কৃতিক বাহিনীৰ জৰুৰী আবেদন। নলবাৰীৰ বৌদ্ধিক সাংস্কৃতিক আৰু সাংবাদিকসকলক নলবাৰিত নাটকখন বাতিল কৰিবলৈ বিনম্ৰ আহ্বান জনাইছে দুয়োটা সংগঠনে। আজি আবাহন কৰ্তৃপক্ষই আহ্বান কৰা সংবাদমেলত পুনৰাই যাতে জ্যোতিপ্ৰসাদক অপমান কৰাৰ অভিসন্ধিত কৰ্তৃপক্ষ জড়িত হ’ব নোৱাৰে তাৰ বাবে স্থানীয় সাংবাদিকসকলক সচেতন হ’ব পৰাকৈ
জ্যোতিপ্ৰসাদৰ ৰচনাৱলীৰ পুৰনা সংস্কৰণ ১৫৮পৃষ্ঠা, নতুন সংস্কৰণ ১৬৮ পৃষ্ঠাক অনুসৰণ কৰিবলৈ আহ্বান জনায়। আজিৰে পৰাই সাংস্কৃতিক প্ৰতিৰোধ যাত্ৰা আৰম্ভ কৰি নলবাৰীৰ উচ্চমানৰ জনতা অসমৰ বাবে নিদৰ্শন হৈ ৰওক বুলিও কয় ভাৰতীয় গণ নাট্য সংঘই। সাংস্কৃতিক বৰঘৰৰ ভেটি এবাৰ লৰাব পাৰিলে পৰবৰ্তী সময়ত RSSৰ ইতিহাস বিকৃতকৰণৰ গোপন অভিসন্ধি সফল হ’বলৈ এৰি দিয়া হ’ব। ভাৰতীয় গণ নাট্য সংঘই কয় যে অসমৰ স্বাভিমানী জাতি জাতি হৈ নাথাকিব-প্ৰয়াস সাংস্কৃতিক বাহিনী।