Local, Vocal, Global

কোকৰাঝাৰত এপলো ডায়গনষ্টিক চেণ্টাৰ মুকলি

কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ ৰিলায়েন্স পেট্ৰল পাম্পৰ সন্মুখত আজি এপলো ডায়গনেষ্টিক চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। নামনি অসমৰ দীৰ্ঘদিনীয়া অভাৱ পুৰণ কৰি আজি কোকৰাঝাৰত এপলো ডায়গনেষ্টিক চেণ্টাৰ মুকলি হোৱা কাৰ্যই ৰোগীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে।

উল্লেখ্য যে কেইজনমান উদ্যমী যুৱকে কোকৰাঝাৰত এপলো ডায়গনেষ্টিক চেণ্টাৰ মুকলি কৰাৰ পৰিকল্পনা কৰে । সেইমৰ্মে তেওঁলোক এপলো কৰ্তৃপক্ষৰ সতে যোগাযোগ কৰে আৰু অনুমতি লাভ কৰে । ডায়গনেষ্টিক চেণ্টাৰৰ অত্যাধুনিক মেচিনসমুহ এপলোই যোগান ধৰে ।

আজি এপলো ডায়গনেষ্টিক চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰি বিটিচিৰ ভাৰপ্ৰাপ্ত প্ৰধান নৰেন চন্দ্ৰ বসুমতাৰীয়ে উদ্যমী যুৱকৰ দলটোক প্ৰশংসা কৰাৰ লগতে এপলো ডায়গনেষ্টিক চেণ্টাৰে বহুদিনীয়া অভাৱ পুৰণ কৰিলে বুলি মন্তব্য কৰে ।

আজি এপলো ডায়গনেষ্টিক চেণ্টাৰ মুকলি অনুষ্ঠানত সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত তথা পদ্মশ্ৰী ড০ মংগলসিং হাজোৱাৰী, প্ৰাক্তন যুটীয়া স্বাস্থ্য সঞ্চালক ক্ৰমে ড০ অধীৰ কুমাৰ ব্ৰহ্ম, ফণীন্দ্ৰ নাথ নাৰ্জাৰী আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে। অনুষ্ঠানত স্বাস্থ্যখণ্ডৰ সতে জড়িত কেইবাগৰাকী অৱসৰপ্ৰাপ্ত লোকক সম্বৰ্ধনা জনোৱা হয়।