Local, Vocal, Global

APDCL official worker beaten in Dhubri : গৌৰীপুৰৰ গণপ্ৰহাৰ কাণ্ডৰ মূল অভিযুক্ত আশ্ৰাফ আলীক গ্ৰেপ্তাৰ

ধুবুৰী, ৬ আগষ্ট : মাৰ যোৱা নাই গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, গৌৰীপুৰৰ গণপ্ৰহাৰৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ইতিমধ্য়ে গৌৰীপুৰ আৰক্ষীয়ে ধুবুৰীৰ ধৰ্মশালাৰ পৰা গ্ৰেপ্তাৰ কৰে গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ আন এজন অভিযুক্তক । শনিবাৰে মাজনিশা আশ্ৰাফ আলীৰ নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

জানিব পৰা মতে, ধৰ্মশালাৰ এজন আত্মীয়ৰ ঘৰত আছিল ধৃত আশ্ৰাফ আলী । বৰ্তমানলৈকে গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ছয়জন লোকক আটক কৰা হৈছে ।অভিযুক্ত ছয়জন হল ক্ৰমে, মোস্তাকিম ৰহমান, ৰাশিদুল ইছলাম,মইনুল হক,ছামচুল হক, হাফিজুৰ ৰহমান আৰু আশ্ৰাফ আলী ।

উল্লেখ্য যে, গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া দেৱজিৎ শৰ্মাৰ নেতৃত্বত চলি আছে তদন্ত । DGP জি পি সিঙৰ কঠোৰ নিৰ্দেশনাত এই ঘটনাৰ অভিযান তীব্ৰতৰ কৰি তোলে ধুবুৰী আৰক্ষী প্ৰশাসনে ।

উল্লেখযোগ্য যে, ধুবুৰীৰ গৌৰীপুৰত এপিডিচিএলৰ এছ ডি ই আৰু কৰ্মচাৰীক আক্ৰমণ চলাইছিল(APDCL official worker beaten in Dhubri) । অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে ফলা খৰিৰে প্ৰহাৰ কৰিছিল ।

গৌৰীপুৰ এপিডিচিএল উপ-সংমণ্ডলৰ SDE মঞ্জুৰুল হকৰ লগতে দুজন কৰ্মচাৰী দৃৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল । চোৰাংভাৱে বিদ্যুৎ সংযোগ কৰি অবৈধভাৱে বৈদ্যুতিক মটৰ চলোৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ এছ ডি ই মঞ্জুৰুল হকৰ লগতে কৰ্মচাৰী মফিদুল হক, ৰফিকুল হকে বৃহস্পতিবাৰে সন্ধিয়া দুমৰদহ গাঁৱলৈ গৈছিল। অবৈধভাৱে বৈদ্যুতিক মটৰ চলোৱাৰ বিৰুদ্ধে SDE গৰাকীয়ে অঞ্চলটোত অভিযান চলাই পাঁচটাকৈ বৈদ্যুতিক মটৰ জব্দ কৰিছিল ।

অভিযান অব্যাহত ৰখাৰ সময়তে উক্ত অঞ্চলৰে আশ্ৰাফ আলী, মজিদুৰ শ্বেখ, আফিজুৰ ৰহমান, হাফিজুৰ, নুলু আদিকে ধৰি একাংশ লোকে এছ ডি ই আৰু কৰ্মচাৰীসকলক লাঠিৰে আক্ৰমণ কৰে।ফলত তিনিওজন লোক গুৰুতৰভাৱে আহত হয় । তিনিওকে ততাতয়াকৈ গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :APDCL official worker beaten in Dhubri : ধুবুৰীৰ গৌৰীপুৰত এপিডিচিএলৰ এছ ডি ই আৰু কৰ্মচাৰীক আক্ৰমণ