APDCL official worker beaten in Dhubri : ধুবুৰীৰ গৌৰীপুৰত এপিডিচিএলৰ এছ ডি ই আৰু কৰ্মচাৰীক আক্ৰমণ
নিউজ ডেস্ক, ৪ আগষ্ট : ধুবুৰীৰ গৌৰীপুৰত এপিডিচিএলৰ এছ ডি ই আৰু কৰ্মচাৰীক আক্ৰমণ (APDCL official worker beaten in Dhubri) । অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে ফলা খৰিৰে প্ৰহাৰ ।
গৌৰীপুৰ এপিডিচিএল উপ-সংমণ্ডলৰ SDE মঞ্জুৰুল হকৰ লগতে দুজন কৰ্মচাৰী দৃৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় । চোৰাংভাৱে বিদ্যুৎ সংযোগ কৰি অবৈধভাৱে বৈদ্যুতিক মটৰ চলোৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ এছ ডি ই মঞ্জুৰুল হকৰ লগতে কৰ্মচাৰী মফিদুল হক, ৰফিকুল হক বৃহস্পতিবাৰে সন্ধিয়া দুমৰদহ গাঁৱলৈ গৈছিল।
ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দুমাৰদাহা পিটি-৪ত এপিডিচিএল কৰ্মচাৰীসকলক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । অবৈধভাৱে বৈদ্যুতিক মটৰ চলোৱাৰ বিৰুদ্ধে SDE গৰাকীয়ে অঞ্চলটোত অভিযান চলাই পাঁচটাকৈ বৈদ্যুতিক মটৰ জব্দ কৰে । অভিযান অব্যাহত ৰখাৰ সময়তে উক্ত অঞ্চলৰে আশ্ৰাফ আলী, মজিদুৰ শ্বেখ, আফিজুৰ ৰহমান, হাফিজুৰ, নুলু আদিকে ধৰি একাংশ লোকে এছ ডি ই আৰু কৰ্মচাৰীসকলক লাঠিৰে আক্ৰমণ কৰে।
ফলত তিনিওজন লোক গুৰুতৰভাৱে আহত হয় । তিনিওকে ততাতয়াকৈ গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত স্থানীয় গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীৰ দল এটা ঘটনা স্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ইপিনে অসম ষ্টেট পাৱাৰ ৰ্ৱাকাৰ ইউনিয়নে নিশাই প্ৰতিবাদ কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী জনায়।
লগতে পঢ়ক : Wild Elephanat death : ৰাণীত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু তিনিটাকৈ বন্যহস্তীৰ