Local, Vocal, Global

WATCH | APCC Spokesperson Ritam singh Arrested : আজি আদালতত পুনৰ চলিব ঋতম সিঙৰ গোচৰৰ শুনানী

নিউজ ডেস্ক,১৭মাৰ্চ : আজি আদালতত পুনৰ চলিব ঋতম সিঙৰ গোচৰৰ শুনানী । কালি নাকচ হৈছিল ৰিতম সিঙৰ জামিন আবেদন। শীঘ্ৰে আৰক্ষীয়ে দাখিল কৰিব চাৰ্জশ্বীট

উল্লেখ্য যে লখিমপুৰ সদৰ থানাত বিধায়ক মানৱ ডেকাৰ পত্নীয়ে যোৱা ১৪ মাৰ্চত ৰিতম সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । সেই অনুসৰি ৯১/২০২৫ নম্বৰত ৰিতম সিঙৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়ন হয় । এই গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ৩৫৬(২) ধাৰাৰ উপৰি আই টি আই (ইনফৰমেচন টেকনলজি) ৰ ৬৭ ধাৰা আৰু ৩(১) আৰ,৩(১) এছ,৩(১) ইউ,৩(১) ভি- এছচি,এছ টি আইনৰ ধাৰা সন্নিবিষ্ট হয়(APCC Spokesperson Ritam singh Arrested)।

চৰকাৰী অধিবক্তাই জনোৱা মতে, ভাৰতীয় ন্যায় সংহিতাৰ ৩৫৬(২) ধাৰাৰ বাহিৰে গোচৰটোত সংযুক্ত হোৱা আটাইবোৰ ধাৰাই জামিন অযোগ্য ধাৰা । লক্ষ্যণীয় যে আদালতত হাজিৰ কৰিবলৈ নিয়াৰ সময়ত ৰিতম সিঙে সাংবাদিকৰ আগত কয়, “গুৱাহাটীৰ বশিষ্ঠ থানাত বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে দুটাকৈ গোচৰ আছে । সেই গোচৰৰ বাবে মাত মতাত মাত বন্ধ কৰিবলৈ মোৰ ওপৰত ভুৱা গোচৰ জাপি দিয়া হৈছে ।”

লগতে পঢ়ক : WATCH | Guwahati News : দীঘলীপুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ