APCC Social Media Department : APCCৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ আৰু সহ-অধ্যক্ষ নিযুক্তি

নিউজ ডেস্ক,১৯জুন : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি পদত নিযুক্তি হ’ল সাংসদ গৌৰৱ গগৈ। সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পাছতেই দলটোক নতুন ৰূপ দিয়াৰ বাবে তৎপৰ হৈ পৰিছে সাংসদ গৌৰৱ গগৈ । সন্মুখত ২০২৬ৰ বিধানসভা নিৰ্বাচন, তাৰ বাবে যুঁজ দিয়াৰ লক্ষ্যৰে টিম গঠনত লাগি গৈছে গৌৰৱ গগৈ ।
এইবাৰ নতুনকৈ গঠন কৰিলে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগ । আনহাতে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ তালিকাত স্থান পালে কেইবাগৰাকী ন-পুৰণি কংগ্ৰেছ নেতাই । নতুন তালিকা অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে বেদব্ৰত বৰাক । প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ অনুসৰি এই কমিটীখন নতুনকৈ গঠন কৰা হৈছে(AICC Appoints Prafulla Das and Prateek Bordoloi to Lead APCC Social Media Department)।
সেই অনুসৰি কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ ক্ৰমে ৰূপক দাস, ইফতিকাৰ ইউনিছ, মনালিছা বৰুৱা হাজৰিকা, সম্বিদ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে । সেইদৰে হেপী গগৈ আৰু মোস্তাক গোলাম উচমানিক সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে(APCC Social Media Department) ।
আজি AICCয়ে নিযুক্তি দিলে APCCৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ আৰু সহকাৰী অধ্যক্ষক ।
অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডিজিটেল প্ৰচাৰ শক্তিশালী কৰাৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীত বৃহৎ নিযুক্তিৰ কথা ঘোষণা কৰে।
AICCৰ সাধাৰণ সম্পাদক কেচি ভেনুগোপালে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, কংগ্ৰেছৰ সভাপতিয়ে প্ৰফুল্ল কুমাৰ দাসক অধ্যক্ষ আৰু প্ৰতীক বৰদলৈক APCCৰ ছ’চিয়েল মিডিয়া বিভাগৰ সহ-অধ্যক্ষক হিচাপে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অনুমোদন জনাই।
উল্লেখ্য যে, জনসাধাৰণৰ লগত সংযোগ, দলৰ নীতি আৰু পদক্ষেপ সম্পৰ্কীয় তথ্য প্ৰচাৰৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়া বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
লগতে পঢ়ক :WATCH | Youth Goes Missing : ৯ জুনৰ পৰা সন্ধানহীন মঙলদৈৰ জিন্টু মনি নাথ