Local, Vocal, Global

APCC president may be replaced soon: শীঘ্ৰেই সলনি হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি!

নিউজ ডেস্ক,২৭ফেব্ৰুৱাৰী : শীঘ্ৰেই সলনি হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি।গৌৰৱ গগৈ হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি! কেইবাখনো ৰাজ্যত পৰাজয়ৰ পাছত কংগ্ৰেছ হাইকামাণ্ডে অসমত নিযুক্তি দিব পাৰে নতুন সভাপতি। ভূপেন বৰাক আঁতৰাই নতুন সভাপতিৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে(APCC president may be replaced soon)।

কেৱল সভাপতিয়েই নহয়, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰায়বোৰ পদবীতে ব্যাপক ৰদবদল কৰিব বুলি জানিব পৰা গৈছে।

আজি নতুন দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক আয়োজন কৰি তলব কৰিছে অসমৰ কেইবাজনো শীৰ্ষ কংগ্ৰেছ নেতাক। সভাপতি ভূপেন বৰাকে ধৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ, বিধায়ক হাফিজ ৰছিদ আহমেদ চৌধুৰী, প্ৰাক্তন সাংসদ আব্দুল খালেক, ৱাজেদ আলি চৌধুৰী প্ৰদীপ সৰকাৰ, নন্দিতা দাস আদি কেইবাগৰাকীও কংগ্ৰেছ নেতাক তলৱ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে।

লগতে পঢ়ক :WATCH | Udalguri News:ওদালগুৰিত ছহিদ মণিৰাম দেৱান দিৱস উদযাপন