Local, Vocal, Global

Anundoram Borooah Award 2024:আনন্দৰাম বৰুৱা বঁটাৰ লগতে ড০ বাণীকান্ত কাকতি বঁটা প্ৰদানৰ দিন ঘোষণা !

নিউজ ডেস্ক,১০ডিচেম্বৰ : ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে সুখবৰ।

১১ ডিচেম্বৰৰ পৰা প্ৰদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা। HSLCত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থীয়ে পাব আনন্দৰাম বৰুৱা বঁটা। ১২,৫০০ টকাৰ জলপানি আছে আনন্দৰাম বৰুৱা বঁটাত। ২৬,৯৬৯ গৰাকী শিক্ষাৰ্থীয়ে পাব চলিত শিক্ষাবৰ্ষত আনন্দৰাম বৰুৱা বঁটা। ৩ কোটি ৩৭ লাখ টকা এই বঁটাৰ বাবে ব্যয় ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰিব এই বঁটা(Anundoram Borooah Award 2024)।

১১ ডিচেম্বৰতে প্ৰদান কৰা হ’ব ড০ বাণীকান্ত কাকতি বঁটাও। HS উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটী। ৬০% নম্বৰ পোৱা ছাত্ৰী, ৭৫% পোৱা ছাত্ৰই পাব ড০ বাণীকান্ত কাকতি বঁটা। এই বৰ্ষ ৪৮,৬২৩ গৰাকী শিক্ষাৰ্থীয়ে পাব ড০ বাণীকান্ত কাকতি বঁটা।

আনফালে নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীকো প্ৰদান কৰা হ’ব চাইকেল। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত প্ৰদান কৰিব চাইকেল। ৩,২৩,৬৪০ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব চাইকেল।

লগতে পঢ়ক :Tragic Road accident in Silchar:কন্যাৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ উভতি নাহিল পিতৃ