আবকাৰীত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, ঘোচ লৈ জালত তৰুণ বসুমতাৰী
নিউজ ডেস্ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকীয়নিক কেয়াৰ নকৰি ঘোচ লোৱা আন এগৰাকী কনিষ্টবল আজি জালত পৰিছে৷ এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে আবকাৰী বিভাগৰ কনিষ্টবল৷
এজন লোকৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই অভিযোন চলাই ওদালগুৰি জিলাৰ আবকাৰী কাৰ্যালয়ত ৪০ হাজাৰ টকা ঘোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰল ওদালগুৰি জিলাত কৰ্মৰত তৰুণ বসুমতাৰী৷ কনিষ্টবল তৰুণ বসুমতাৰীয়ে এটা কাম কৰি দিয়াৰ বাবে বিচাৰিছিল উক্ত ধনৰাশি৷