Local, Vocal, Global

Gauripur mob lynching : গৌৰীপুৰৰ গণপ্ৰহাৰ কাণ্ডৰ আন এজন অভিযুক্ত আব্দুল গণিক গ্ৰেপ্তাৰ

ধুবুৰি,৭আগষ্ট : মাৰ যোৱা নাই গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, গৌৰীপুৰৰ গণপ্ৰহাৰৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ইতিমধ্য়ে গৌৰীপুৰ আৰক্ষীয়ে ধুবুৰীৰ ধৰ্মশালাৰ পৰা গ্ৰেপ্তাৰ কৰে গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ আন এজন অভিযুক্তক । সোমবাৰে পুৱা ১০ মান বজাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Gauripur mob lynching) ।

জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ১০মান বজাত ধুবুৰী জিলাৰ লালকুৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আন এজন অভিযুক্তক ।জানিব পৰা গ্ৰেপ্তাৰ কৰা অভিযুক্তজনৰ নাম আব্দুল গণি । বৰ্তমানলৈকে গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত সাতজন লোকক আটক কৰা হৈছে ।অভিযুক্ত ৭জন হল ক্ৰমে, মোস্তাকিম ৰহমান, ৰাশিদুল ইছলাম,মইনুল হক,ছামচুল হক, হাফিজুৰ ৰহমান,আশ্ৰাফ আলী আৰু আব্দুল গণি ।

উল্লেখ্য যে, বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুৰুষোত্তম সিঙৰ নেতৃত্বত চলিছিল অভিযান।জানিব পৰা মতে, আব্দুল গণিয়ে গৌৰীপুৰ APDCL ৰ SDE ক মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা কৰিছিল।

উল্লেখযোগ্য যে, ধুবুৰীৰ গৌৰীপুৰত এপিডিচিএলৰ এছ ডি ই আৰু কৰ্মচাৰীক আক্ৰমণ চলাইছিল(APDCL official worker beaten in Dhubri) । অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে ফলা খৰিৰে প্ৰহাৰ কৰিছিল ।

গৌৰীপুৰ এপিডিচিএল উপ-সংমণ্ডলৰ SDE মঞ্জুৰুল হকৰ লগতে দুজন কৰ্মচাৰী দৃৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল । চোৰাংভাৱে বিদ্যুৎ সংযোগ কৰি অবৈধভাৱে বৈদ্যুতিক মটৰ চলোৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ এছ ডি ই মঞ্জুৰুল হকৰ লগতে কৰ্মচাৰী মফিদুল হক, ৰফিকুল হকে বৃহস্পতিবাৰে সন্ধিয়া দুমৰদহ গাঁৱলৈ গৈছিল। অবৈধভাৱে বৈদ্যুতিক মটৰ চলোৱাৰ বিৰুদ্ধে SDE গৰাকীয়ে অঞ্চলটোত অভিযান চলাই পাঁচটাকৈ বৈদ্যুতিক মটৰ জব্দ কৰিছিল ।

অভিযান অব্যাহত ৰখাৰ সময়তে উক্ত অঞ্চলৰে আশ্ৰাফ আলী, মজিদুৰ শ্বেখ, আফিজুৰ ৰহমান, হাফিজুৰ, নুলু আদিকে ধৰি একাংশ লোকে এছ ডি ই আৰু কৰ্মচাৰীসকলক লাঠিৰে আক্ৰমণ কৰে।ফলত তিনিওজন লোক গুৰুতৰভাৱে আহত হয় । তিনিওকে ততাতয়াকৈ গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :APDCL official worker beaten in Dhubri : গৌৰীপুৰৰ গণপ্ৰহাৰ কাণ্ডৰ মূল অভিযুক্ত আশ্ৰাফ আলীক গ্ৰেপ্তাৰ