Local, Vocal, Global

নিজৰ কাৰ্যকালতে নিজৰ নামত আন এটা অনুষ্ঠান, এনে কৰা মোদী প্ৰথম প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক : ইতিহাস ৰচি পূৰ্বৰ সকলো পৰম্পৰা ভংগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নিজৰ কাৰ্যকালতে নৰেন্দ্ৰ মোদীয়ে চৰকাৰী অনুষ্ঠানৰ নাম নিজৰ ৰাখে৷
নিজৰ কাৰ্যকালতে অনুষ্ঠানৰ নাম ৰখা মোদী হৈ পৰিল প্ৰথম প্ৰধানমন্ত্ৰী৷ ইতিমধ্যে এখন ষ্টেডিয়ামৰ নাম নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হৈছে৷ এইবাৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ নাম নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হ’ব৷ মোদীৰ গৃহ ৰাজ্য গুজৰাচৰ চিকিৎসা মহাবিদ্যালয়ৰ নাম নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হ’ব৷

আহমেদাবাদৰ মণিনগৰৰ এল.জি চিকিৎসা মহাবিদ্যালয়ৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰীৰ নামত ৰখা হ’ব। বৃহস্পতিবাৰে আহমেদাবাদ পৌৰ নিগমৰ স্থায়ী সমিতিৰ এখন বৈঠক এই সিদ্ধান্ত লোৱা হয়৷ পৌৰ নিগমৰ দ্বাৰা পৰিচালিত মেডিকেল এডুকেশ্বন ট্ৰাষ্টে চিকিৎসা মহাবিদ্যালয়ৰ নাম সলনি কৰাৰ সিদ্ধান্ত লয়।

গুজৰাটৰ আহমেদাবাদ বিজেপি শাসিত পৌৰ নিগমৰ অধ্যক্ষ হিতেশ বৌৰাতে কয় যে এতিয়াৰে পৰা আহমেদাবাদ পৌৰ নিগম পৰিচালিত এল জি মেডিকেল কলেজৰ নাম সলনি কৰি ‘নৰেন্দ্ৰ মোদী চিকিৎসা মহাবিদ্যালয়’ কৰা হৈছে৷

আহমেদাবাদৰ মণিনগৰ বিধানসভা সমষ্টি মোদীৰ ৰাজনীতিৰ পাঠশালা স্বৰূপ আছিল৷ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ১১ বছৰ মণিনগৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল। মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে এল.জি চিকিৎসা মহাবিদ্যালয় উন্নয়ন সাধন কৰিছিল বুলি জনা যায়৷

উল্লেখ্য যে, এবছৰ পূৰ্ব ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে গুজৰাটৰ আহমেদাবাদৰ মোটেৰাস্থিত চৰ্দাৰ পেটেল ষ্টেডিয়ামৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰীৰ মোদীৰ নামেৰে ৰখা হয়। ষ্টেডিয়ামখনক নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বুলি জনা যায়৷