Local, Vocal, Global

মৌলিক সৃষ্টি আৰু সাহসিকতাৰ বাবে এনিলৈ সৰ্বোচ্চ সন্মান

নিউজ ডেস্ক: বৰ্তমান আন্তৰ্জাতিক পৰ্য্যায়ত চৰ্চিত হৈছে এটি বিশেষ নাম এনি আৰ্নো। বলিষ্ঠ লেখাৰে বিশ্ব দৰবাৰত নিজৰ নাম উজ্বলাই ২০২২ বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এনি। সামাজিক জীৱন আৰু ব্যক্তিগত জীৱনৰ খুঁটি নাটি জীৱন্ত ৰূপত লিপিবদ্ধ হয় তেওঁৰ লেখাত। সামাজিক জীৱনৰ অৱক্ষয় আৰু জীৱনৰ শিপা বিচাৰি এনি আৰ্নোৱে সৃষ্টি কৰিছে কালজয়ী সাহিত্য। তেওঁৰ ৰচনাশৈলীত স্পষ্ট হয় নিৰ্মোহ বিশ্লেষণ আৰু নিখুট পৰ্য্যৱেক্ষণ। এনে অনবদ্য অৱদানৰ বাবে ৰ’য়েল চ’চাইটি অৱ ন’বেলে ২০২২ বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৮২ বছৰ বয়সীয়া সাহসী তথা বিদুষী মহিলা এনি আৰ্নোক। বঁটা হিচাপে লেখিকাগৰাকীয়ে মেডেলৰ লগতে ভাৰতীয় মূল্যত প্ৰায় ৭ কোটি ৫০ লাখ টকা পুৰস্কাৰ হিচাপে লাভ কৰিব। বৰ্তমান সময়লৈকে এনি আৰ্নোক ধৰি ১৭ গৰাকী লেখিকাই বিশ্বৰ সৰ্বোচ্চ সন্মান সাহিত্যৰ ন’বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

১৯৪০ চনৰ ১ ছেপ্তেম্বৰত ফ্ৰান্সৰ লিলেবেলত জন্ম গ্ৰহণ কৰিছিল এনি আৰ্নোৱে। পৰৱৰ্তী সময়ত নৰমেন্দিৰ ৱাইভেটত ডাঙৰ দীঘল হৈছিল ফৰাচী লেখিকা এনি আৰ্নো। শ্ৰমজীৱি পৰিয়ালত জন্মগ্ৰহণ কৰা এনি আৰ্নোৱে ৰ’ৱেন আৰু বৰডেক্স বিশ্ববিদ্যালয়ত আধুনিক সাহিত্যৰ ডিগ্ৰী লাভ কৰে। ১৯৭৪ চনত লেচ আৰমইৰেছৰ জৰিয়তে সাহিত্য জগতত প্ৰৱেশ কৰিছিল। প্ৰথম অৱস্থাত তেওঁ আখ্যানধৰ্মী লেখামেলা কৰিছিল যদিও জীৱনৰ স্মৃতি কথাসমূহ তেওঁৰ মূল লেখা হৈ পৰে। এজনী নাৰী সময়ৰ গতিত আগবাঢ়ি গৈ থকাৰ সমান্তৰালভাৱে জীৱনত সন্মুখীন হোৱা প্ৰতিটো ঘটনাই প্ৰকাশ পাইছে এনিৰ লেখা সমূহত। তেওঁৰ লিখনি সমূহত যদি কেতিয়াবা নিজৰ গৰ্ভপাতৰ প্ৰসংগ আকৌ কেতিয়াবা মাতৃৰ বিয়োগ, কৰ্কট আৰু এলজাইমাৰ্ছত আক্ৰান্ত হৈ সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়েও প্ৰতিফলিত হয়। ইয়াৰ পূৰ্বে আন্তৰ্জাতিক খ্যাতিসম্পন্ন নিউয়ৰ্ক টাইমছত প্ৰসিদ্ধ গ্ৰন্থ হিচাপে এনিৰ “এ অ’মেনছ ষ্টৰী”, “এ মেনছ প্লেছ” আৰু “ছিম্পল পেছন”এ স্বীকৃতি লাভ কৰিছে। অহা ১০ ডিচেম্বৰত এনি আৰ্নোৱে ছুইডেনৰ ৰজা ষষ্ঠ কাৰ্লেৰ গুস্তাফৰ পৰা গ্ৰহণ কৰিব সাহিত্যৰ ন’বেল বঁটা।