ankachar MLA Aminul Islam’s reaction on beef ban:গো-মাংস নিষিদ্ধ কৰা সন্দৰ্ভত মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া
নিউজ ডেস্ক,৫ডিচেম্বৰ : অসমত হোটেল-ৰেস্তোৰাঁকে ধৰি কোনো ৰাজহুৱা স্থানত নচলিব গো-মাংস ভক্ষণ। সামজিক অনুষ্ঠানতো গো-মাংস পৰিৱেশন নিষিদ্ধ হ’ব। পূৰ্বে মন্দিৰৰ ৫ কিলোমিটাৰ পৰিসৰৰ ভিতৰত গোমাংস নিষিদ্ধ কৰা হৈছিল। এতিয়া সমগ্ৰ অসমতে সেয়া কাৰ্যকৰী হ’ব। দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই(Assam bans consumption of beef in hotels, public spaces)।
দিল্লীৰ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমত হোটেল, ৰেস্তোৰাঁত নচলিব গো-মাংস ৷ কোনো ৰাজহুৱা উৎসৱ-পাৰ্বণৰ লগতে ৰাজহুৱা স্থানত গো-মাংস ভক্ষণত আমি বাধা আৰোপ কৰিছো । ” চামগুৰি উপ-নিৰ্বাচনত বিজেপিৰ হাতত কংগ্ৰেছ পৰাজিত হোৱাৰ পিছত কংগ্ৰেছে গো-মাংসক লৈ এক বিতৰ্কৰ সূচনা কৰিছিল ।
বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ নেতৃত্বই ৷ এককথাত ৰাজহুৱা স্থানত ৰাজ্যত গো-মাংস ভক্ষণ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি তাৰেই প্ৰত্যুত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে(Mankachar MLA Aminul Islam’s reaction on beef ban)৷
ৰাজহুৱা স্থান আৰু হোটেল-ৰেষ্টুৰেণ্টত গো-মাংস নিষিদ্ধ কৰা সন্দৰ্ভত মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
‘অসমৰ বাবে দুৰ্ভাগ্যজনক কথা। এই সিদ্ধান্তত অতি দুখ পাইছো।’ ইয়াৰ বাবে জগৰীয়া কংগ্ৰেছ, ভুগিব পৰিণাম।’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটযোগে ৰাজহুৱা স্থানত নিষিদ্ধ কৰা মাংসক লৈ প্ৰতিক্ৰিয়া বিধায়ক আমিনুল ইছলামৰ।
লগতে পঢ়ক :Lumding police arrested thieves gang: লামডিঙত আটক লোহা চোৰৰ গেঙক