আৰু মুকলি হ’ব ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন

নিউজ ডেস্ক : আজি খানাপাৰাত অনুস্থিত হোৱা অসম চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা। ৰাজ্যত পুনৰ মুকলি হ’ব ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন।
মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ বিতৰণ অনুস্থানত দিয়া ভাষণত কয় যে ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক আত্ম-সংস্থাপন দিয়াৰ হ’ব৷ যদি হিমালয়ো আহি সন্মুখত থিয় হয়, তথাপিও ১ লাখ নিযুক্তি দিবলৈ সাজু ৰাজ্য চৰকাৰ।
লগতে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় ২৬ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিব দিয়ে।
২৬ হাজাৰ নিযুক্তিত যদি এটাও খেলিমেলি ওলাই, সিদিনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ এৰি দিব বুলি আজি খানাপাৰাত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত প্ৰদান কৰা ভাষণত উল্লেখ কৰে।
আনহাতে, ইন্টাৰনেট কৰ্তন সন্দৰ্ভত দুখীয়া ল’ৰা-ছোৱালীৰ কাৰণে প্ৰয়োজন হ’লে ২০ ঘন্টালৈ ইন্টাৰনেট কাটিম বুলি মন্তব্য প্ৰদান কৰে।