WATCH | Panchayat Election 2025: পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত আৰু দিন ঘোষণাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
নিউজ ডেস্ক,২৫মাৰ্চ : পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত আৰু দিন ঘোষণাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ।
ৰাজ্যত ৫ মে’ ভিতৰত সম্পন্ন হ’ব পঞ্চায়ত নিৰ্বাচন। এপ্ৰিলৰ প্ৰথম সপ্তাহত ঘোষণা হ’ব নিৰ্বাচনৰ দিন। এই ঘোষণা কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Panchayat Election 2025)।
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সদনত ঘোষণা কৰে যে, ‘‘আজি পঞ্চায়ত নিৰ্বাচনৰ নথিফিকেশ্যন জাৰি কৰিম। আমি আশা কৰিছো ৪-৫ মে’ৰ ভিতৰত সমাপন হ’ব পঞ্চায়ত নিৰ্বাচন। যদিহে ৰাজ্যিক নিৰ্বাচন আয়োগে ২-৫ এপ্ৰিলৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা কৰে।’’
মন্ত্ৰীগৰাকীয়ে জনাই যে ‘‘অসম পঞ্চায়ত সংশোধনী ইতিমধ্যে আমি পাছ কৰিছোঁ। জিলা পৰিষদে ভোগ কৰি থকা ক্ষমতা হ্ৰাস কৰা হৈছে। এইবাৰ পঞ্চায়তৰ ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা হৈছে। ১০৫, ১০৮, ১০৯নং ধাৰা সংশোধন কৰি পঞ্চায়তৰ ক্ষমতা বৃদ্ধি কৰা হৈছে।’’
আনফালে মন্ত্ৰীগৰাকীয়ে লগতে জনাই যে ‘‘৩১ মাৰ্চলৈকে PMAYৰ জৰীপৰ কাম চলিব। ৫ মে’ৰ ভিতৰত সমাপন হ’ব পঞ্চায়ত নিৰ্বাচন।’’
লগতে পঢ়ক : WATCH | Sivasagar News : তাই আহোম ছাত্ৰ সন্থাৰ গণ সমাবেশ কাৰ্য্যসূচী