Local, Vocal, Global

Anandaram Baruah Award Distribution : শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আনন্দৰাম বৰুৱা বঁটা বিতৰণী অনুষ্ঠান

নিউজ ডেস্ক, ২৯ নৱেম্বৰ : আজি প্ৰদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা । শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বঁটা বিতৰণী অনুষ্ঠান। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ প্ৰাপ্তৰ ছাত্ৰ-ছাত্ৰীলৈ প্ৰদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা(Anandaram Baruah Award Distribution) ।

এইবাৰ ৰাজ্যৰ মুঠ ২৭,১৮৩ গৰাকী মেধাৱী শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ’ব আনন্দৰাম বৰুৱা বঁটা। এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসকে ধৰি ৰাজ্য চৰকাৰৰ বহু কেইগৰাকী মন্ত্ৰী ।

উল্লেখ্য যে, জিলা ভিত্তিত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ । এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক বঁটাৰ ধনৰাশি হিচাপে নগদ ১৫হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।এই ধনৰাশি ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ নিজৰ বেংক একাউণ্ট যোগে লাভ কৰিব।

লগতে পঢ়ক :Chief Minister Himanta Biswa Sharma in Majuli : মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা