ভূমিকম্প বিধ্বস্ত তুৰস্কৰ পৰা উদ্ধাৰ এটি ৮ বছৰীয়া শিশু
সোমবাৰে তুৰস্কত হৈ যোৱা ভূমিকম্পৰ ভয়াৱহতা এতিয়াও মাৰ যোৱা নাই।উদ্ধাৰকাৰী দলে ধ্বংসস্তুপবোৰ আঁতৰাবলৈ চেষ্টা কৰি আছে।তুৰস্কৰ ভূমিকম্পৰ পিছত দেশখনত NDRFৰ কেইবাটাও দল প্ৰেৰণ কৰিছে ভাৰতে।আৰু এই দলৰ সংগী হৈছে ৬টা কুকুৰ।কুকুৰ কেইটাৰ নাম ৰোমিঅ’,জুলি,ৰেম্ব,হানি,বব আৰু ৰক্সি।তুৰস্কৰ বিধ্বস্ত অঞ্চলত উদ্ধাৰকাৰী দলৰ সৈতে অক্লান্ত পৰিশ্ৰম কৰিছে কুকুৰকেইটাই।
ইতিমধ্যে ভাৰতৰ পৰা যোৱা উদ্ধাৰকাৰী দলে তুৰস্কত চলাই আছে উদ্ধাৰ অভিযান।শুকুৰবাৰে NDRFৰ কৰ্মীয়ে ভূমিকম্পত বিধ্বস্ত তুৰস্কত খহি পৰা এটা অট্টালিকাৰ মাজৰ পৰা ৬ বছৰীয়া শিশুক উদ্ধাৰ কৰে।প্ৰথমে উদ্ধাৰকাৰী দলে ভাবিছিল যে শিশুটি জীয়াই থকা নাই কিন্তু উদ্ধাৰকাৰীয়ে কোলাত তুলি লোৱাৰ সময়তে চকু মেলি চালে শিশুটিয়ে আৰু পিছতে চিকিসাৰ বাবে প্ৰেৰণ কৰা হয়
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ভাৰতৰ পৰা যোৱা উদ্ধাৰকাৰী সকলে ধ্বংসাৱশেষৰ পৰা ২ জনক জীৱন্তে আৰু ১৩ টা মৃতদেহ উদ্ধাৰ কৰিছে।