Local, Vocal, Global

Shafiqul Islam arrested in kaliabor : যুৱকক অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ আমছুৰ পৰা অপসাৰিত ছফিকুল ইছলামক

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : যুৱকক অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ আমছু নেতা ছফিকুল ইছলাম।অভিযোগ কাঠপৰাৰ মাকমাদুল হকক আবদ্ধ কৰি ৰাখিছিল ছফিকুলে। মুক্তিপণ হিচাপে দাবী কৰিছিল ৪ লাখ টকা। এই কাৰ্যত জড়িত হৈ আছিল এগৰাকী যুৱতী আৰু একাংশ মহিলা( AMSU leader Shafiqul Islam was arrested on charges of kidnapping a youth)।

জানিব পৰা মতে, কলিয়াবৰ মহকুমাৰ উলুৱনি থানাৰ অন্তৰ্গত বৰঘুলিৰ এগৰাকী আমছুৰ স্বয়ম্ভু নেতাই যুৱকক ভয়ভীতি দেখুৱাই আবদ্ধ কৰি ৰখাৰ লগতে চাৰিলাখ টকা দাবী কৰিছিল । এই অভিযোগ উত্থাপন হৈছে পূৰ্বে আমছু ছাত্ৰ সংগঠনৰ পৰা অপসাৰিত হোৱা চফিকুল ইছলামৰ বিৰুদ্ধে । শেহতীয়াকৈ আমবাগান আৰক্ষী থানা এলেকাধীন কাঠপৰা অঞ্চলৰ মাকমাদুল হক নামৰ এজন যুৱকক আৱদ্ধ কৰি চাৰি লাখ টকা দাবী কৰাৰ অভিযোগত চফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছে উলুৱনি আৰক্ষীয়ে(Shafiqul Islam arrest in kaliabor)।

ভুক্তভোগী মাকমাদুল আৰু তেওঁৰ পৰিয়ালে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি , বহিঃৰাজ্যত কৰ্মৰত হৈ থকা সময়তে মোবাইল ফোনযোগে চিনাকি হৈছিল এগৰাকী যুৱতীৰ সৈতে। ১৯ ফেব্ৰুৱাৰী দিনা যুৱতী গৰাকীক লগ কৰিবলৈ যুৱকজন বৰঘুলিত আহোতে চফিকুল ইছলাম আৰু কেইবাগৰাকী মহিলাই লগ হৈ যুৱক জনক আৱদ্ধ কৰি চাৰিলাখ টকা দাবী কৰে। অন্যথা যুৱক জনে যুৱতী গৰাকীক বিয়া পাতিব লাগিব বুলি হেঁচা দিয়ে চফিকুলৰ লগতে কেইগৰাকীমান মহিলাই।

উল্লেখ্য যে, পূৰ্বেও ছাত্ৰ সংগঠনৰ পৰা অপসাৰিত হোৱা চফিকুল ইছলামৰ বিৰুদ্ধে নানা অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

লগতে পঢ়ক :BSF opens fire along Indo-Bangladesh border in Mankachar : BSFৰ গুলীচালনা, নিহত চোৰাং সৰবৰাহকাৰীৰ