Local, Vocal, Global

AMSU awareness meeting in Chapar: চাপৰৰ বহলপুৰত আমছুৰ বিশাল সজাগতা সভা

চাপৰ,২৭জানুৱাৰী : চাপৰৰ বহলপুৰত আমছুৰ বিশাল সজাগতা সভা।

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বহলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখন বিশাল সজাগতা সভা। শিক্ষাৰ প্ৰয়োজনীয়তা, সামাজিক ব্যাধি যেনে- বাল্য বিবাহ, ড্ৰাগছ, অসামাজিকে কাৰ্যকলাপ বিৰুদ্ধে অনুষ্ঠিত হয় এই সভা। য’ত কেইবা শতাধিক ৰাইজৰ সন্মুখত ভাষণ প্ৰদান কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইনৰ লগতে কেবাজনো গণ্য মান্য ব্যক্তি।

ইফালে কাৰ্যকৰী সভাপতি গৰাকীয়ে সংখ্যালঘু ৰাইজক আহ্বান জনায় যে অলাগতীয়াল সামাজিক মাধ্যমৰ কথা বাৰ্তাবোৰত জড়িত হ’ব নালাগে কাৰণ সংখ্যালঘু ৰাইজক ব্যৱহাৰ কৰি একাংশই ৰাজনৈতিক মুনাফা আদায় কৰাত উঠি পৰি লাগিছে(AMSU awareness meeting in Chapar)।

লগতে পঢ়ক :Jorhat News:যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি