WATCH | Amritpal Singh: কাৰাবন্দী অমৃতপাল সিঙৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত
ডিব্ৰুগড়ৰ,১৭মাৰ্চ : কাৰাবন্দী অমৃতপাল সিঙৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত । অমৃতপাল সিঙৰ সহযোগীৰ ক্ষেত্ৰত এই সিদ্ধান্ত পঞ্জাৱ চৰকাৰৰ। বৰ্তমান ডিব্ৰুগড়ৰ কাৰাগাৰত আছে বন্দী হৈ আছে অমৃতপাল সিং ।
ৱাৰিছ দে পাঞ্জাবৰ সমৰ্থক, সাংসদ অমৃত পাল সিঙৰ সৈতে আন ৯ গৰাকী সহযোগী আজনালা আৰক্ষী থানাত হোৱা আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত ২০২৩ চনৰ মাৰ্চত গ্ৰেপ্তাৰ হৈছিল। চৰকাৰে এই ক্ষেত্ৰত বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে। এই সাতজন অভিযুক্তক শীঘ্ৰে আইনী প্ৰক্ৰিয়াৰ বাবে পঞ্জাবলৈ নিয়া হ’ব। দুই তিনিদিনৰ ভিতৰতে এই সাত জনক নিয়া হব পঞ্জাবলৈ(Amritpal Singh)।
ইতিমধ্যে পাঞ্জাব পুলিচৰ দল আহি ডিব্ৰুগড়ত উপস্থিত হৈছেহি। আনহাতে অমৃতপাল সিং আৰু তেওঁৰ অন্য দুজন সহযোগীৰ সম্পৰ্কে এই পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : WATCH | Road Accident : ট্ৰাকৰ খুন্দাত থিতাতে খৰিকটীয়া