Amrit Brikshya Andolan 2023 : ১ কোটি গছপুলি ৰোপণেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ চেষ্টা ৰাজ্য চৰকাৰৰ
নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ : ৰাজ্যজুৰি “অমৃত বৃক্ষ” আন্দোলন । আজিৰে পৰা ২০ ছেপ্টেম্বৰ নিশা ১২ বজালৈ অমৃত বৃক্ষ আন্দোলনৰ বিশেষ কার্যসূচী চলি থাকিব । উল্লেখ্য যে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ১ কোটি গছ পুলি ৰোপনৰ অভিলেখ সৃষ্টিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ । সেই উদ্দেশ্যে দেওবাৰে পুৱা জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে ‘‘অমৃত বৃক্ষ আন্দোলন’’ৰ (Amrit Brikshya Andolan 2023) ।
“অমৃত বৃক্ষ” আন্দোলন উপলক্ষে দেওবাৰে পুৱাৰ ভাগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এখন সংবাদমেল। সংবাদমেলত মুখ্যমন্ত্রী গৰাকীয়ে ১ কোটি গছপুলি ৰোপণ তথা গছপুলি সংৰক্ষণৰ ফটো আপলোডেৰে অভিলেখ গঢ়াৰ চেষ্টাৰ বিষয়ে সাংবাদিকৰ আগত কয় ।
সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘‘আজি আমাৰ বাবে এটা গৌৰৱৰ দিন । আজি ১ কোটি গছপুলি ৰোপণ কৰা হ’ব। বৃক্ষ ৰোপনেৰে এটা বিশ্ব অভিলেখ কৰাৰ প্ৰচেষ্টা আজি আমি আৰম্ভ কৰিছোঁ । এই প্ৰচেষ্টা ইতিমধ্যে ৰাজ্যৰ বিভিন্ন অঞ্চলত আৰম্ভ হৈছে । এই প্ৰচেষ্টা যদিও আজি আমি চূড়ান্ত ৰূপ দিছোঁ তথাপিও, যোৱা ৯ ছেপ্টেম্বৰৰ পৰাই দৰাচলতে অমৃত বৃক্ষ অভিযান আৰম্ভ হৈছিল(Amrit Brikhshya Andolan) ।
তেওঁ পুনৰ কয় যে, ‘‘৯ ছেপ্টেম্বৰ তাৰিখে আমি ২২ কিলোমিটাৰ শাৰী শাৰীকৈ গছপুলি ৰোপণেৰে প্ৰথমটো ৰেকৰ্ড গঢ়াৰ চেষ্টা কৰো । ১০ ছেপ্টেম্বৰ তাৰিখে ৩ লাখ ২২ হাজাৰ গছপুলি বিতৰণৰ আন এটা ৰেকৰ্ড গঢ়াৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰে । ১১ ছেপ্তেম্বৰৰ দিনা জাপানৰ ৰেকৰ্ড ভংগ কৰি ইউটিউৱত পৰিৱেশ বহনক্ষম বিষয়ত পোনপটীয়া সম্প্ৰচাৰৰ ৰেকৰ্ডৰ আন এক চেষ্টা চলায়। ইয়াৰোপৰি, পাকিস্থানৰ বিশ্ব ৰেকৰ্ড ভংগ কৰি অসমে ২৪ ঘণ্টাত ৮ লাখ ৮১ হাজাৰ গছপুলি ৰোপণ কৰে। আনহাতে, ৬ লক্ষ গছপুলিৰে মাৰ্ঘৰিটাত অসমৰ মেপখনৰ এখন ছবি সৃষ্টি কৰে।
ওদালগুৰিৰ ভৈৰৱ কুণ্ডত ২৪ ঘণ্টাত ৮.৪১ লাখ গছপুলি ৰোপন কৰিলোঁ । ইফালে নাহৰকটীয়াত এটা দলে এক ঘন্টাত ৩.৩১ লাখ গছ পুলি ৰোপন কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ১ ঘণ্টাত ৩.৩১ লাখ গছপুলি ৰোপণ কৰি অভিলেখৰ দিশে আগবাঢ়িছে অসম। মাৰ্ঘেৰিটাত .৮৫ হেক্টৰ ভূমিত ৰোপণ কৰা হ’ব ৬.৩২ লাখ গছপুলি। তদুপৰি তেওঁ ৮০% গছপুলি যাতে সংৰক্ষিত হয় তাৰ বাবে বন বিভাগক লক্ষ্য ৰখাৰ আহ্বান জনায়।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ”ৰাইজৰ উৎসাহ দেখি আমি নিশ্চিত যে, আমি বিশ্ব ৰেকৰ্ড কৰিম । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই প্ৰচেষ্টাক শলাগ লৈছে । আজিৰে পৰা আমি অনলাইনত বৃক্ষ ৰোপণৰ সংকল্প লোৱা কামো আৰম্ভ কৰিছোঁ ।’’
লগতে পঢ়ক : Brazil Plane Crash : ভয়ংকৰ বিমান দুৰ্ঘটনা; মৃত্যু ১৪ জন লোকৰ