Local, Vocal, Global

Tree Plantation: অসম চৰকাৰৰ এক কোটি গছপুলি ৰোপন কৰাৰ অভিনৱ পদক্ষেপ

গুৱাহাটী, ২আগষ্ট : অসম চৰকাৰে আন এক অভিনৱ পদক্ষেপ। অহা ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত এক কোটি গছপুলি ৰোপন কৰাৰ বৃহত পদক্ষেপ । এই অভিযানৰ উপলক্ষে বুধবাৰে মুখ্যমন্ত্ৰীয়ে দিছপুৰ জনতা ভৱনত দুটাকৈ ৱেব পৰ্টেল মুকলি কৰে । ‘Amrit Brikhya Andolan’ আৰু WBI পৰ্টেল মুকলি কৰে মুখ্যমন্ত্ৰীয়ে (Tree Plantation)।

এই ১ কোটি গছপুলি ৰোপন কৰা অভিযানক ‘অমৃত বৃক্ষ আন্দোলন’ হিচাপে নামাকৰণ কৰিছে । বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত আৰম্ভ হ’ব এই গছপুলি ৰোপনৰ অভিনৱ কাৰ্যসূচী (amrit brikkha andolan with ambitious goal of planting one crore saplings in a single day) ।

উল্লেখযোগ্য যে, অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীত অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্য,অংগনবাড়ী কৰ্মী, আশা কৰ্মী ,শিক্ষানুষ্ঠান, চাহ বাগিচাৰ কৰ্মচাৰী, বেচৰকাৰী সংস্থাৰ সদস্য লগতে সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব(One crore saplings to be planted in a day in Assam) ।

এই গছপুলি ৰোপণ কৰি, গছপুলি ৰোপন কৰা ফটোসহ সবিশেষ Amrit Brikhya Andolan নামৰ পৰ্টেল আপলোড দিব লাগিব । গছপুলি ৰোপন কৰাৰ বাবে চৰকাৰে প্ৰতিজনলোকক ১০০ টকা আগবঢ়াব।এই ধন বেংকৰ জৰিয়তে আগবঢ়াব চৰকাৰে । লগতে আপুনি ৰোপন কৰা গছপুলি ডালক তিনিবছৰ ভালদৰে প্ৰতিপালন কৰাৰ পিছত তিনিবছৰ পিছত চৰকাৰে ২০০ টকাকৈ আগবঢ়াব ।

এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গছপুনি ৰোপন কৰা এয়া এক বৃহৎ পদক্ষেপ । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বাণিজ্যিক মূল্য থকা গছপুলি ওপৰত গুৰুত্ব দিয়া হৈছে ।এই গছপুলিসমূহ বন বিভাগে যোগান ধৰিব ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অমৃত বৃক্ষ আন্দোলনৰ উদ্দেশ্য হ’ল অসমত এক বৃক্ষ অৰ্থনীতি গঢ়ি তোলা । লগতে কৃষি বনানীকৰণৰ ওপৰত গুৰুত্ব দিয়া । মুখ্যমন্ত্ৰীয়ে কয় যে অহা ২০২৪ চনত ৩ কোটি আৰু ২০২৫ চনত ৫ কোটি গছপুলি ৰোপণ কৰাৰ এক বৃহৎ লক্ষ্য লোৱা হৈছে ।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৱেব পৰ্টেল মুকলি কৰাৰ সন্দৰ্ভত কয় যে WBI পৰ্টেল কাঠৰ উদ্যোগক সম্প্ৰসাৰিত কৰাৰ বাবে মুকলি কৰা হৈছে । WBI পৰ্টেলত উদ্যোগীসকলে কাঠৰ উদ্যোগ তথা ব্যৱসায়ৰ সবিশেষ এই পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব ।

লগতে পঢ়ক :School Timings Changed : অতিপাত গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময় সলনি