Local, Vocal, Global

Nitin Desai Committed Suicide: কলা পৰিচালক নীতিন দেশাইৰ আত্মহত্যা ,নিজ ষ্টুডিঅ’ত উদ্ধাৰ মৃতদেহ

এন্টাৰটেমেন্ট ডেস্ক, ২ আগষ্ট : বিশিষ্ট কলা পৰিচালক নীতিন দেশাইৰ আত্মহত্যা(Nitin Desai Committed Suicide)। বুধবাৰে পুৱা কাৰ্জাটৰ নিজ এন ডি ষ্টুডিঅ’ত মৃত অৱস্থাত উদ্ধাৰ হয় নীতিন দেশাই। চিপ লৈ উলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ ৷

জনপ্ৰিয় পৰিচালকজনৰ মৃত্যু সন্দৰ্ভত এতিয়াও আৰক্ষীয়ে ব্যক্ত কৰা নাই কোনো ধৰণৰ তথ্য( Nitin Desai dies by suicide at 57) ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিশিষ্ট কলা পৰিচালক নীতিন দেশাই বহু দিনৰ পৰা আৰ্থিক সংকটৰ সৈতে যুঁজি আছিল (Nitin Chandrakant Desai was under financial stress) ।

উল্লেখ্য যে, নিতীন দেশাই শ্ৰেষ্ঠ কলা পৰিচালনাৰ বাবে চাৰিবাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী আছিল। বলীউডৰ দুটা দশকজোৰা কেৰিয়াৰত আশুতোষ গোৱৰীকাৰ, বিধু বিনোদ চোপ্ৰা, সঞ্জয় লীলা ভাঞ্চালীকে ধৰি বিখ্যাত পৰিচালকৰ সৈতে কাম কৰি আহিছে। নীতিনে চলচ্চিত্ৰ জগতখনক বহুতো ছবি উপহাৰ দিছে ৷ তাৰে কিছুমান হ’ল হম দিল দে চুকে সনাম, দেৱদাস, যোধা আকবৰ, লগান, ওৱান্স আপন এ টাইম ইন মুম্বাই আৰু বাজিৰাও মস্তানী আদি। আৰ্ট ডাইৰেক্টৰ হিচাপে তেওঁৰ শেষ প্ৰজেক্ট আছিল আশুতোষ গোৱাৰিকাৰৰ সৈতে ২০১৯ চনৰ ছবি পানীপাটত। তেওঁৰ এই কামৰ বাবে তেওঁক হলিউডৰ সন্মানীয় আৰ্ট ডাইৰেক্টৰছ গিল্ড ফিল্ম ছ’চাইটি আৰু আমেৰিকান চিনেমেথেকে সন্মানিত কৰে(Bollywood Art Director Nitin Desai dies)।

নীতিন দেশাই হম দিল দে চুকে সনম, লাগান, জোধা আকবৰ আৰু প্ৰেম ৰতন ধন পায়ো এই ছবিবোৰৰ চেট ডিজাইন কৰিছিল । নীতিন দেশাইকচেট ডিজাইন কৰাৰ লগতে সমান্তৰালকৈ তেওঁ ছবি পৰিচালনাও কৰিছিল লগতে নীতিন দেশাইয়ে অভিনয়ও কৰিছিল ৷ নিতিনে ‘দাউদ ফান অন দ্য ৰাণ’, ‘হেল্ল’ জয় হিন্দ’, ‘হাম সব এক হে’ আদি ছবিতো অভিনয় কৰিছে । হেলো জয় হিন্দ ছবিখনত নীতিনে অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছিল ।

তেওঁ কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল । তিনি খানৰ লগত কাম কৰিছিল নীতিনে । শ্বাহৰুখ খানৰ লগতে বাদশ্বাহ (১৯৯৯) আৰু দেৱদাস (২০০২), আমিৰ খানৰ আকেলে হম আকেলে তুম (১৯৯৫) আৰু মেলা (২০০০) আৰু ছলমান খানৰ খামোশি – দ্য মিউজিকেল (১৯৯৫) আৰু হম দিল দে চুকে সনমত (১৯৯৯) কলা পৰিচালক হিচাপে কাম কৰিছিল (Famous Art Director Nitin Chandrakant Desai Dies Of Suicide) ৷

সংবাদ মাধম্যত প্ৰকাশিত এক বাতৰি অনুসৰি মে’ মাহত কলা পৰিচালকজনৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছিল । এটা এজেন্সীয়ে দাখিল কৰিছিল এই অভিযোগ। ৩ মাহ কাম সম্পূৰ্ণ কৰি টকা নিদিয়াৰ অভিযোগ দাখিল কৰিছিল নীতিন দেশাইৰ বিৰুদ্ধে ।এই অভিযোগ দাখিল কৰাৰ পিছত নীতিনে এই অভিযোগ অস্বীকাৰ কৰিছিল ।

নীতিন দেশাইৰ ঘনিষ্ঠ বন্ধু বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাৱদে কয় যে , “মই আগতে প্ৰায়ে কথা পাতিছিলোঁ তেওঁৰ লগত আৰু পৰামৰ্শ দিছিলোঁ তেওঁক। মই প্ৰায় তেওঁক অমিতাভ বচ্চনৰ কথা কৈছিলো আৰু অমিতাভ বচ্চনে কেনেকৈ লোকচানৰ সন্মুখীন হৈছিল আৰু পুনৰ জীৱনলৈ কেনেকৈ ঘূৰি আহিছিল সেই বিষয়ে মই তেওঁক কৈছিলোঁ প্ৰায় । তেওঁৰ মৃত্যুৰ কথা শুনি দুখ লাগিছে বহুত। মই তেওঁৰ সৈতে কথা পাতিছিলো আগদিনা।”

লগতে পঢ়ক : Opposition will meet President : মণিপুৰ সন্দৰ্ভত আজি বিৰোধীৰ ২১ গৰাকী সাংসদে সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক