Local, Vocal, Global

অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ যাতায়ত- ব্যৱস্থাৰ সাল-সলনি, বন্ধ থাকিব ১৭নং আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

নিউজ ডেস্ক, ৮ মে’- দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণকালত গুৱাহাটী মহানগৰীত যান-বাহন চলাচলত ব্যাপক সাল-সলনি কৰা হৈছে।

গুৱাহাটী মহানগৰীৰ বহু কেইটা পথত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা। লগতে ৯ মে’ৰ পুৱা ৪ বজাৰ পৰা নিশা ৯ বজালৈ আৰু ১০ মে’ৰ পুৱা ৪ বজাৰ পৰা নিশা ১০ বজালৈ গুৱাহাটী মহানগৰীৰ অন্তৰ্গত ২৭নং আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি চকীয়া বা ততোধিক চকাযুক্ত বাণিজ্যিক বাহনসমূহ চলাচল কৰাত বাধা আৰোপ কৰা হৈছে।

৯ মে’ত আবেলি ৪ বজাৰ পৰা নিশা ৯ বজালৈ ডি জি ৰোড, এ টি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড, এম জি ৰোড, কে এল বি ৰোড, তৈবুল্লাহ ৰোড, জি এন ৰোডত সকলো ধৰণৰ বাণিজ্যিক বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।

১০ মে’ত পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ বি বৰুৱা ৰোড, বি কে কাকতি ৰোড আৰু জি এন বি ৰোডত সকলো ধৰণৰ লঘু, মধ্যম বা ডাঙৰ বাণিজ্যিক যান–বাহনসমূহ চলাচল কৰিব নোৱাৰিব।

১০ মে’ দিনা পুৱা ৭ বজাৰ পৰা ৯ বজালৈ জি এচ ৰোডৰ আৰু পাঞ্জাৱাৰী ৰোডত সকলো বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব।