Amit Shah Wins Gandhinagar Seat As BJP Set To Sweep Gujarat Again : গান্ধীনগৰ সমষ্টিৰ পৰা অমিত শ্বাহৰ বৃহৎ জয়
নিউজ ডেস্ক,৪জুন : দ্বিতীয়বাৰলৈ গান্ধীনগৰত জয়ী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। চাৰে চাৰি লাখৰো অধিক ভোটত পৰাস্ত কৰে কংগ্ৰেছৰ ছোনাল ৰমনভাই পেটেলক(Amit Shah Wins Gandhinagar Seat As BJP Set To Sweep Gujarat Again) ।
উল্লেখ্য যে, ২০১৯ চনত ৫লাখ ৫৭ হাজাৰ ভোটৰ ব্যৱধানত গান্ধীনগৰ দখল কৰিছিল অমিত শ্বাহে। গান্ধীনগৰ আসনত চকু থাকে দেশবাসীৰ। অমিত শ্বাহৰ পূৰ্বে গান্ধীনগৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানীৰ দৰে বিজেপিৰ প্ৰতিষ্ঠাপক নেতা। অটল বিহাৰী বাজপেয়ীয়ে ১৯৯৬ চনত আৰু লাল কৃষ্ণ আদৱানীয়ে ২০১৪ চনত জয়ী হৈছিল গুজৰাটৰ গান্ধী নগৰত।
এইবাৰ তুলনামুলকভাৱে কম ভোটদানৰ পাছতো গান্ধীনগৰ নিজৰ দখলত ৰাখিবলৈ সক্ষম হ’ল বিজেপি।
লগতে পঢ়ক : Assembly Election Results 2024: আজি ঘোষণা হ’ব অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল