Local, Vocal, Global

Amit Shah will visit Assam on 15 March : ১৫ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, ১৩ মাৰ্চ : ১৫ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। CAA বলৱতৰ পাছত ১৫ মাৰ্চত প্ৰথমবাৰলৈ অসমলৈ আহিব অমিত শ্বাহ । হোজাইত বিশাল জনসভাক সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে

১৫ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থানত উপস্থিত হৈ মুকলি কৰিব বটদ্ৰৱা প্ৰকল্পৰ । এক ঐতিহাসিক মুহুৰ্তৰ সাক্ষী হ’ব অসমবাসী(Amit Shah will visit Assam on 15 March) ।

উল্লেখ্য যে , ২০২১ৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল । তেতিয়াৰে পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত বিশ্বৰ আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্যখচিত অতিথি গৃহ, মিউজিয়াম, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মাণ কৰা হৈছে(Amit Shah will visit Assam on 15 March) ।

লগতে পঢ়ক : Assam Man Goes Missing In Chennai : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক; ১৪ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ জামুগুৰিহাটৰ গোপাল প্ৰধান