Local, Vocal, Global

Amit Shah to lead election campaign in Silchar today : আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, ২১ এপ্ৰিল : আজি পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে দুপৰীয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত আহি উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে।শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে(Union Home Minister Amit Shah to Lead Election Campaign in Assam’s Silchar Today) ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ আগমনক লৈ আয়োজন কৰা হৈছে এক ৰোড শ্ব’ৰ ৷ আবেলি ৪ বজাত শিলচৰ চহৰৰ ডি এছ এ খেলপথাৰৰ পৰা অনুষ্ঠিত হ’ব এই ৰোড শ্ব’। এই ৰোড শ্ব’ৰ সামৰণি পৰিব হাইৱে পইণ্টত ৷ এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Amit Shah to lead election campaign in Silchar today) ৷

অমিত শ্বাহৰ এই ৰোড শ্ব’ক কেন্দ্ৰ কৰি শিলচৰ চহৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

লগতে পঢ়ক : Policeman Brutally Assaulted in Midnight Attack at Guwahati Pub : মহানগৰীৰ বশিষ্ঠত কৰ্তব্যৰত আৰক্ষী বিষয়াক গুৰুলা-গুৰুলকৈ প্ৰহাৰ দুৰ্বৃত্তৰ