Amit Shah to hold mega road show in Guwahati on April 29 : অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে গুৱাহাটী মহানগৰত জাৰি কৰা হৈছে কেইবাটাও নিষেধাজ্ঞা

নিউজ ডেস্ক,২৮এপ্ৰিল : ২৯ এপ্ৰিলত গুৱাহাটীলৈ আহিব অমিত শ্বাহ। গুৱাহাটীত বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে( Amit Shah to hold mega road show in Guwahati on April 29)। গুৱাহাটীত বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। তেওঁ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ প্ৰায় ২ কিলোমিটাৰ পথত ৰোড শ্ব’ কৰিব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ পূৰ্বে গুৱাহাটী মহানগৰ জিলা দণ্ডাধীশ সুমিত ছাত্তাৱনে কেতবোৰ পথত ন ড্ৰোণ জ’ন, ন’ ফায়াৰ ক্ৰেকাৰছ জ’ন আৰু ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰিছে।
সেই অনুসৰি মহানগৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা জালুকবাৰী- মালিগাঁও-চাইকেল ফেক্টৰী তিনি আলি- লাল গনেশলৈ এই সমগ্ৰ পথছোৱাত উক্ত ব্যৱস্থা বাহাল থাকিব।