Amit Shah To Attend Mega Poll Rally In Assam’s Lakhimpur Today : আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, ৯ এপ্ৰিল : আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ । নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী ।
মঙলবাৰে দুপৰীয়া ১-০০ বজাত লখিমপুৰত আয়োজিত বিজয় সংকল্প নিৰ্বাচনী সভাত উপস্থিত থাকিব শ্বাহ।তাৰ পিছত লখিমপুৰৰ কাৰ্য্যসূচী সামৰিয়েই কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৰাওনা হ’ব তিনিচুকীয়ালৈ(Amit Shah To Attend Mega Poll Rally In Assam’s Lakhimpur Today)।
তিনিচুকীয়াত বিজয় সংকল্প যাত্ৰা নামেৰে আয়োজন কৰা বিশাল ৰোড শ্ব’ত ভাগ ল’ব অমিত শ্বাহে।
এই ৰোড শ্ব’ চলিহা নগৰৰ পৰা থানা চাৰিআলিলৈ হ’ব।
লগতে পঢ়ক : Wild buffalo terror : বনৰীয়া ম’হৰ আক্ৰমণত আহত দুজকৈ লোক