Local, Vocal, Global

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অমিত শ্বাহ, ক’ত কি কাৰ্যসূচীত অংশ ল’ব গৃহমন্ত্ৰীগৰাকীয়ে?

নিউজ ডেস্ক, ৯ মে’- দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা ১২ বজাত অসম পালেহি গৃহমন্ত্ৰী অমিত শ্বাহ। বিমান বন্দৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যৰ শীৰ্ষ নেতাসকলে আদৰণি জনায়।

গৃহ মন্ত্ৰীগৰাকীয়ে সোমবাৰে অৰ্থাৎ আজি বিএছএফৰ মানকাচৰ সীমা চকীত উপস্থিত হৈ জোৱানসকলৰ সৈতে মিলিত হ’ব। ইয়াৰ উপৰি তামুলপুৰ জিলাত চেন্ট্ৰেল আৰ্মড পেৰামিলিটেৰী ফ’ৰ্চ (CAPF)ৰ বাবে চেন্ট্ৰেল ৱৰ্কশ্বপ আৰু ষ্ট’ৰৰ আধাৰশিলা স্থাপন কৰিব।

১০ মে’ অৰ্থাৎ কাইলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অসমত এবছৰ সম্পূৰ্ণ হ’ব। এই উপলক্ষে অমিত শ্বাহে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত এক ৰেলীক সম্বোধন কৰিব। লগতে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু নেচনেল ফৰেনছিক ছায়েন্স ইউনিভাৰ্ছিটীৰ উদ্বোধন কৰিব।

তদুপৰি বিয়লিৰ ভাগত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অংশ লৈ গুৱাহাটীত নতুনকৈ নিৰ্মাণ হ’বলগীয়া কামৰূপ(ম) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, এটা প্ৰেক্ষাগৃহকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৷