Local, Vocal, Global

Amit Shah takes dip in Maha Kumbh: মহাকুম্ভ মেলাত স্নান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

নিউজ ডেস্ক,২৮জানুৱাৰী : মহাকুম্ভ মেলাত স্নান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে সোমবাৰে মুখ্যমন্ত্ৰী যোগী, জুনা আখৰাৰ মহামণ্ডলেশ্বৰ অৱধেশানন্দ গিৰি আৰু যোগগুৰু বাবা ৰামদেৱেও সংগমথলীত স্নান কৰে।প্ৰায় ১০ মিনিট সময়ত ত্ৰিৱেণী সংগমত স্নান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে(Amit Shah takes dip in Maha Kumbh)।

স্নান কৰাৰ পিছত অমিত শ্বাহে পৰিয়ালৰ লোকৰ সৈতে পূজা কৰাৰও দেখা যায়। স্নান কৰাৰ পিছতে অমিত শ্বাহ অক্ষয়ৱত উপস্থিত হয়। ইয়াৰ পৰা আখৰাত সন্তসকলৰ সৈতে সাক্ষাৎ কৰাৰ লগতে আহাৰ গ্ৰহণ কৰে অমিত শ্বাহে। অমিত শ্বাহৰ লগতে তেওঁৰ পুত্ৰ জয় শ্বাহো উপস্থিত হয় মহাকুম্ভ মেলা থলী।

লগতে পঢ়ক :Samiran Phukan Appointed New AASU New General Secretary: আছুৰ নতুন সাধাৰণ সম্পাদক সমীৰণ ফুকন