Local, Vocal, Global

WATCH | Amit Shah : অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰিলে নেকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে?

নিউজ ডেস্ক,১৮মাৰ্চ : অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰিলে নেকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে? তিনি দিনীয়ী কাৰ্যসূচী হাতত লৈ অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ?

গৃহমন্ত্ৰী অমিত শ্বাহক আদৰিবলৈ বিমানবন্দৰত শাৰী পাতি হৈ অপেক্ষা কৰি আছিল মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকী নেতাই। হাতত ফুলাম গামোচা লৈ আদৰিবলৈ সাজু হৈ আছিল ৰাজ্যিক বিজেপিৰ সভাপতি,দিলীপ শইকীয়া,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু নেতাই।

বিমান বন্দৰত বিমান অৱৰতন কৰিলে। বিমানৰ পৰা হাহি মুখেৰে নামিল গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাহি মুখেৰে অসমীয়া জাতীয় জীৱনৰ আৱেগ আৰু স্বাভিমান স্বৰূপ গামোচাক ডিঙিত পিন্ধাবলৈ লওতেই গৃহমন্ত্ৰী অমিত শ্বাহে ডিঙিত নিপিন্ধি হাতত তুলি ললে গামোচা(Amit Shah)।

কেৱল মুখ্যমন্ত্ৰীয়ে দিয়া গামোচাই নহয়। শাৰী পাতি থিয় হৈ থকা সকলো নেতাৰ গামোচা ডিঙিত নিপিন্ধি হাতত হাতত তুলি ললে গৃহমন্ত্ৰী গৰাকীয়ে । ইয়াৰ পাছতেই এই ভিডিওটোক লৈ সামাজিক মাধ্যনম গৰম হৈ উঠে। বহুতেই কৈছে এইয়া অসমীয়ীৰ স্বাভীমানক চৰম অপামন কৰা হৈছে। ভিডিঅ’ টো ভাইৰেল হোৱাৰ পাছতেই আজি কংগ্ৰেছক প্ৰতিবাদ দেখিবলৈ পোৱা গল। দিছপুৰস্থিত মানৱেন্ৰ্দ শৰ্মা কমপ্লেক্সৰ চৌহদত জ্বলিল গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূত্ৰি। উত্তাল প্ৰতিবাদৰ মাজতেই কংগ্ৰেছৰ দাবী।

জাগীৰোডৰ এখন সভাত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ প্ৰতিক্ৰিয়া।

পিছে এই গামোচা বিতৰ্কক লৈ বিজেপিয়ে নিৰৱ হৈ নাথাকি পুৰনি ৰাহুল গান্ধীৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে বিজেপিয়ে।

লগতে পঢ়ক : WATCH| Teok News : টীয়কৰ অইল ইণ্ডিয়াৰ যোৰহাট পাম্প ষ্টেচন তিনি আৰু এন বি পি এলৰ উদ্যোগত ম’ক ড্ৰিল কাৰ্যসূচী