Ambulance accident in Kaliabor : গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকত জনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজি আছে ডাঃ উপেন্দ্ৰ কাকতি

নিউজ ডেস্ক,২২জুলাই : ডাঃ উপেন্দ্ৰ কাকতিৰ অৱস্থা সংকটজনক । গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকত জনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজি আছে চিকিৎসকজন ।
উল্লেখ্য যে, কলিয়াবৰৰ বানপীড়িত অঞ্চলত চিকিৎসা সেৱা আগবঢ়াবলৈ গৈ উভটি অহাৰ সময়তে ৩ জুলাই সন্ধিয়া কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ এখন এম্বুলেন্স দুৰ্ঘটনাত পতিত হৈছিল ৷ দুৰ্ঘটনাত ডাঃ উপেন্দ্ৰ কাকতি নামৰ এজন চিকিৎসক, দুজন চিকিৎসা কৰ্মী আৰু এজন চালক গুৰুতৰ ভাৱে আহত হৈছিল।
আহত লোকসকলৰ ভিতৰত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ উপেন্দ্ৰ কাকতি মৃত্যুৰ সৈতে যুঁজি আছে। উন্নত চিকিৎসাৰ বাবে তেওঁক বাহিৰৰ চিকিৎসালয়লৈ নিবলৈ চিকিৎসকে পৰামৰ্শ দিছে। এই ক্ষেত্ৰত তেওঁৰ চিকিৎসা ব্যয়ৰ বাবে বুজন পৰিমানৰ ধনৰ প্ৰয়োজন(Ambulance accident in Kaliabor)।
ইমান খিনি ধন ব্যয় কৰিবলৈ চিকিৎসকৰ পৰিয়ালটো অসমৰ্থ হোৱা বাবে অসহায় পৰিয়ালটোৱে ৰাইজৰ পৰা কিছু অৰ্থ সাহায্য বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। কিন্তু এই ক্ষেত্ৰত স্থানীয় ব্যক্তি গৌতম কুমাৰ বৰা, ৰাজীৱ বৰুৱা, মোহন উপাধ্যায়, ভানু ভৰালী, মানিক তছা শৰৎ শইকীয়াক,তৰুন মুক্তিয়াৰ,কিশোৰী কুমাৰ ডেকা প্ৰমূখ্য কৰি একাংশ সচেতন ৰাইজে সামাজিক মাধ্যমৰ জৰিয়তে চৰকাৰক চিকিৎসা ব্যয়ৰ সমুদায় ধন ৰাশি প্ৰদান কৰিবলৈ দাবী জনাইছে। বৰ্তমান এই বিষয়টো সামাজিক মাধ্যমত চৰ্চিত।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত বিশেষ তৎপৰতাৰে চিকিৎসক গৰাকীক চৰকাৰী খৰচত চিকিৎসা প্ৰদান কৰিবলৈ সামাজিক মাধ্যমৰ জৰিয়তে কলিয়াবৰৰ লগতে সমগ্ৰ ৰাজ্য খনৰ অধিকাংশ লোকেই আহ্বান জনায় কয় যে, যিহেতু চিকিৎসক ডাঃ উপেন্দ্ৰ কাকতিয়ে সেই দিনটোত বানপীড়িত ৰাইজৰ মাজত চিকিৎসা সেৱা প্ৰদান কৰি নিজ কৰ্তব্য শেষ কৰি ঘৰ মূৱা হৈছিল। ওৰে দিনটো চৰকাৰী কামত জড়িত থকাৰ বাবেই তেওঁৰ সমস্ত চিকিৎসা ব্যয় চৰকাৰে বহন কৰিব লাগিব বুলিও ৰাজহুৱা দাবী উত্থাপন হৈছে। কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।